কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ তথা জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰে। মন্ত্ৰীগৰাকীয়ে আজি নতুন দিল্লীৰ চৰকাৰী বাসভৱনত ৰাষ্ট্ৰীয় পতাকা উৰুৱায়। শ্ৰীসোণোৱালে লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শুভেচ্ছা জনাইছে। বিশ্ববিদ্যালয়খনে বহু মানৱ সম্পদ সৃষ্টিৰে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে নতুন দিগন্তৰ সূচনা কৰা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে বিশ্ববিদ্যালয়ত পঢ়ি থকা কালৰ স্মৃতি সোঁৱৰে।
Assamese | January 26, 2025 7:10 PM | 76th Republic Day | Sarbanada sonowal
৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে দেশবাসীলৈ কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ তথা জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শুভেচ্ছা জ্ঞাপন