মুখ্য নির্বাচনী বিষয়া ৰাজীৱ কুমাৰে আজি ৭৫ গৰাকী আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিৰ আগত বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ বিশাল নির্বাচন প্ৰক্ৰিয়াৰ সামগ্ৰিক অৱলোকন দাঙি ধৰে। শ্ৰী কুমাৰে আজি বিয়লি নতুন দিল্লীত ২৩খন দেশৰ নির্বাচন ব্যৱস্থাপনা সংস্থাসমূহৰ আন্তঃৰাষ্ট্ৰীয় প্রতিনিধিসকলক সম্বোধন কৰি এই বিষয়ে প্ৰকাশ কৰে। লোকসভা নির্বাচন প্রত্যক্ষ কৰাৰ উদ্দেশ্যে এই প্রতিনিধিসকল কালি ভাৰতত উপস্থিত হয়। তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় নির্বাচনী ভ্ৰমণ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে ভাৰতলৈ আহিছে আৰু আজি এই কাৰ্যসূচীৰ উদ্বোধনী সত্ৰ অনুষ্ঠিত হয়। এই প্রতিনিধিসকলে ভোটগ্রহণ প্রক্রিয়া তথা বিভিন্ন সমষ্টিত নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে মহাৰাষ্ট্ৰ, গোৱা, গুজৰাট, কৰ্ণাটক, মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশলৈ যাব। অহা ৯ মে’ত এই কাৰ্যসূচীৰ সামৰণি পৰিব।
Assamese | May 5, 2024 8:36 PM | Election Commission of India
৭৫ গৰাকী আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিৰ আগত বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ নির্বাচন প্ৰক্ৰিয়াৰ সামগ্ৰিক অৱলোকন মুখ্য নির্বাচনী বিষয়া ৰাজীৱ কুমাৰৰ