গুৱাহাটীৰ এটা সামাজিক-সাংস্কৃতিক অনুষ্ঠানৰ সৌজন্যত অহা ৫ জুলাইৰ পৰা ১২ জুলাইলৈ সদৌ অসম ভিত্তিত একাদশ বার্ষিক গ্রীষ্মকালীন অভিনয়, নৃত্য আৰু সাহিত্য চর্চা কৰ্মশালাৰ আয়োজন কৰা হৈছে।
এই কর্মশালাত বিশিষ্ট নাট্যকাৰ, পৰিচালক, অভিনেতা মৃদুল চুতীয়া, গুণাকৰ দেৱগোস্বামী, সত্যেন শর্মা, মৃণাল হালৈ, মনীষা শৰ্মা, ৰাজু ৰয়, হেৰাম্ব শৰ্মা আৰু জিন্টু নেৱাৰ প্ৰশিক্ষক হিচাপে থাকিব।
কামাখ্যাগেট দুর্গা সৰোবৰ বিদ্যাপীঠ প্রাঙ্গনত হ’বলগীয়া এই কর্মশালা পুৱা ১০-৩০ বজাৰ পৰা আবেলি ৪-৩০বজালৈ অনুষ্ঠিত হ’ব। প্রশিক্ষণ শিবিৰত মঞ্চ, চলচ্চিত্র, নৃত্য আৰু সাহিত্যৰ ওপৰত প্ৰশিক্ষণ দিয়া হ’ব।
স্নাতক পৰ্যায়ৰ শিক্ষাৰ্থীসকলৰ বাবে ইন্টার্ণশ্বিপৰ সুবিধা আছে। আবেদনপত্র জমা দিয়াৰ শেষ তাৰিখ ৩ জুলাই। কৰ্মশালাৰ সামৰণি অনুষ্ঠান উপলক্ষে দুখনি নাট মঞ্চস্থ কৰা হ’ব আৰু পঞ্জীয়নভুক্ত প্রমাণ পত্ৰ প্ৰদান কৰা হ’ব।