June 14, 2026 7:56 PM

views 6

৫ জুলাইৰ পৰা ১২ জুলাইলৈ সদৌ অসম ভিত্তিত একাদশ বার্ষিক গ্রীষ্মকালীন অভিনয়, নৃত্য আৰু সাহিত্য চর্চা কৰ্মশালা

গুৱাহাটীৰ এটা সামাজিক-সাংস্কৃতিক অনুষ্ঠানৰ সৌজন্যত অহা ৫ জুলাইৰ পৰা ১২ জুলাইলৈ সদৌ অসম ভিত্তিত একাদশ বার্ষিক গ্রীষ্মকালীন অভিনয়, নৃত্য আৰু সাহিত্য চর্চা কৰ্মশালাৰ আয়োজন কৰা হৈছে। এই কর্মশালাত বিশিষ্ট নাট্যকাৰ, পৰিচালক, অভিনেতা মৃদুল চুতীয়া, গুণাকৰ দেৱগোস্বামী, সত্যেন শর্মা, মৃণাল হালৈ, মনীষা শৰ্মা, ৰাজু ৰয়, হেৰাম্ব শৰ্মা আৰু জিন্টু নেৱাৰ প্ৰশিক্ষক হিচাপে থাকিব। কামাখ্যাগেট দুর্গা সৰোবৰ বিদ্যাপীঠ প্রাঙ্গনত হ'বলগীয়া এই কর্মশালা পুৱা ১০-৩০ বজাৰ পৰা আবেলি ৪-৩০বজালৈ অনুষ্ঠিত হ'ব। প্রশিক্ষণ শিবিৰত মঞ্...

July 27, 2025 10:48 AM

views 27

শিশুসকলৰ বাবে সৃজনীশীল আৰু কলাত্মক কৰি তোলাৰ ক্ষেত্ৰত গ্ৰীষ্মকালীন কর্মশালাই ইতিবাচক ভূমিকা গ্ৰহণ কৰিব পাৰে বুলি দৃষ্টিপাত অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ প্রকাশ  

বিভিন্ন ব্যতিক্রমী বিষয় লৈ ৰাজ্যৰ প্ৰান্তে প্রান্তে আয়োজিত গ্রীষ্মকালীন শিবিৰসমূহে শিশুসকলৰ সর্বাঙ্গীন বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ সমৰ্থ হৈছে। ‘গ্রীষ্মকালীন শিবিৰ’ সম্পৰ্কত আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত কালি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে এই বিষয়ে প্রকাশ কৰে। বিশিষ্ট প্ৰকাশক ধীৰাজ গোস্বামীয়ে সঁফুৰা আলোচনীৰ উদ্যোগত ২০০৪ চনতে শিশুসকলৰ উপযোগীকৈ গ্ৰীষ্মকালীন শিবিৰ অনুষ্ঠিত কৰাৰ বিষয়ে উল্লেখ কৰে। গ্ৰীষ্ম বন্ধৰ সময়ছোৱা বিদ্যায়তনিক চাপৰ পৰা কিছু দূৰৈত ৰাখি ছাত্ৰ- ছাত্ৰীসকলৰ স...