মৰিগাঁও জিলা ক্রীড়া সন্থাৰ উদ্যোগত আৰু ফুটবল উপ-সমিতিৰ তত্বাৱধানত চলি থকা ৫০ সংখ্যক মতিৰাম বৰা সোঁৱৰণী প্রাইজমানি ফুটবল প্রতিযোগিতাৰ আজি ছেমি ফাইনেলত ডি বি আই কামৰূপে নর্থ ইষ্ট ইউনাইটেডক পৰাস্ত কৰি ফাইনেললৈ প্ৰৱেশ কৰিছে। ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামত অনুষ্ঠিত এই প্রতিযোগিতা তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কার্যবাহী সদস্য জীবন চন্দ্র কোঁৱৰে উদ্বোধন কৰে। অহা ২ জানুৱাৰীত হ’বলগীয়া ফাইনেল খেলত ডি বি আই কামৰূপে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতা কৰিব।
Assamese | December 30, 2025 7:31 PM | Football | Morigaon District
৫০ সংখ্যক মতিৰাম বৰা সোঁৱৰণী প্রাইজমানি ফুটবল প্রতিযোগিতাত ডি বি আই কামৰূপ ফাইনেলত প্ৰৱেশ