লোকসভা নিৰ্বাচনৰ তৃতীয় পর্যায়ত ভোটগ্রহণ হ’বলগীয়া ৪টা সমষ্টিত জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষমসকলৰ বাসগৃহৰ পৰা ভোটদান প্রক্রিয়া চলি আছে। বৰপেটা জিলাত কালি ৪১ গৰাকী ভোটদাতাৰ বাসগৃহলৈ গৈ ভোটগ্ৰহণ কৰা হয়। জিলাখনত এই প্ৰক্ৰিয়াৰ বাবে গঠন কৰা ১৩টা গোটে ১৪০ গৰাকী ভোটদাতাৰ ঘৰে ঘৰে গৈ ভোটগ্রহণ কৰিব বুলি জানিব পৰা গৈছে। আজিৰ ভিতৰত এই প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব বুলি বৰপেটা নিৰ্বাচনী বিষয়াই প্ৰকাশ কৰিছে। বজালী জিলাতো বাসগৃহৰ পৰা ভোটদান প্রক্রিয়া অব্যাহত আছে। জিলাখনত এই ব্যৱস্থাৰে ৮৫ বয়সৰ ঊৰ্ধৰ আৰু ১০৭ গৰাকী আৰু বিশেষভাৱে সক্ষম ২৬ গৰাকী ভোটদাতাই ভোটদান কৰিব।
Assamese | April 29, 2024 12:33 PM | 3rd Phase Election
৪টা সমষ্টিত জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষমসকলৰ বাসগৃহৰ পৰা তৃতীয় পর্যায়ৰ ভোটদান প্রক্রিয়া