উত্তৰাখণ্ডত চলি থকা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহৰ প্ৰতিযোগিতাত কালি অসমৰ ৪ গৰাকী বক্সাৰে নিজ নিজ শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ৰাষ্ট্ৰীয় ক্রীড়াৰ ইতিহাসত নতুন অভিলেষ গঢ়ি পোন প্ৰথমবাৰৰ বাবে অসমৰ ৪ গৰাকী বক্সাৰে ফাইনেলত প্ৰৱেশৰ গৌৰৱময় সফলতা অৰ্জন কৰিছে। তাৰকা বস্কাৰ শিৱ থাপাই চেমি ফাইনেলত মহাৰাষ্ট্ৰৰ প্ৰতিদ্বন্দিক ৫-০ ব্যৱধানত পৰাজিত কৰি ফাইনেলত প্ৰৱেশ কৰে। একেদৰে অভিনৱ শইকীয়াই দিল্লীৰ প্ৰতিদ্বন্দিক ৫-০ ৰ ব্যৱধানত পৰাজিত কৰি ফাইনেলত প্ৰৱেশ কৰে। তাৰকা বক্সাৰ লাভলীনা বৰগোহাই নাগালেণ্ডৰ বক্সাৰ ৰেক ৫-০ ব্যৱধানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। বক্সাৰ অংকুশিতা বড়োৱে ৬৬ কিলোগ্রাম শাখাৰ চেমিফাইনেলত নাগালেণ্ডৰ সঞ্জুক ৫-০ ব্যৱধানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে।
দশম দিনা ছাৰ্ভিছেছৰ হৈ নীজ কুমাৰে পুৰুষৰ ৫০ মিটাৰ ৰাইফল পজিছনত সোণৰ পদক অৰ্জন কৰে। পুৰুষৰ ৰিকাৰ্ভ শাখাত পশ্চিমবংগৰ জুৱেল চৰ্চাৰে সোণৰ পদক লাভ কৰাৰ লগতে ছাৰ্ভিছেছে ৰূপৰ পদক আৰু ছিকেমে ব্ৰঞ্জৰ পদক অর্জন কৰে। মহিলাৰ ৰিকাৰ্ভ দলীয় শাখাত মহাৰাষ্ট্ৰই সোণ, ঝাৰখণ্ডে ৰূপ আৰু হাৰিয়ানাই ব্ৰঞ্জৰ পদক লাভ কৰে।
Assamese | February 7, 2025 11:28 AM | National Games Assam Boxer
৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহত ৰাজ্যৰ ৪গৰাকী বক্সাৰৰ নিজ নিজ শাখাৰ ফাইনেলত প্ৰৱেশ