৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া মহোৎসৱৰ শিখা তেজস্বীনী আজি উত্তৰাখণ্ডৰ বাগেশ্বৰত উপস্থিত হয়। জিলা ক্রীড়া বিষয়া আৰু খেল অনুৰাগীসকলে এই শিখাক বিপুলভাৱে আদৰণি জনায়। উত্তৰাখণ্ডত এই মাহৰ শেষ ভাগলৈ প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় ক্রীড়া অনুষ্ঠিত হ’ব। উত্তৰাখণ্ডৰ মুখ্যমন্ত্রী পুষ্কৰ সিং ধামিয়ে যোৱা ২৬ ডিচেম্বৰত হলদ্বানীৰ পৰা পতাকা জোকাৰি এই শিখাৰ যাত্ৰা আৰম্ভ কৰিছে। এই শিখা ১৩ খন জিলাৰ ৯৯ টা স্থান হৈ ২৫ জানুৱাৰীত ডেৰাডুনত উপস্থিত হ’ব।
Assamese | January 4, 2025 6:57 PM | Tejaswini
৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া মহোৎসৱৰ শিখা তেজস্বীনী উত্তৰাখণ্ডৰ বাগেশ্বৰত উপস্থিত