অহা ১৭ আগষ্টৰ পৰা নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনড’ৰ ষ্টেডিয়ামত হ’বলগীয়া ৩০ সংখ্যক বি ডব্লিউ এফ বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপৰ শুভংকৰ আৰু শীর্ষ সংগীত কালি কেন্দ্রীয় ক্রীড়া মন্ত্রী মনসুখ মন্দাভিয়া আৰু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মুকলি কৰে।
ভাৰতীয় বেডমিণ্টন সন্থাৰ সভাপতিৰ দায়িত্বত থকা মুখ্যমন্ত্রী ড০ শর্মাই তেওঁৰ ভাষণত কয়, যে ১৭ বছৰ পাছত বি ডব্লিউ এফ বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপ আয়োজন কৰাটো ভাৰতৰ বাবে এটা ঐতিহাসিক মুহূর্ত। এই প্রতিযোগিতাৰ আয়োজনে বেডমিণ্টন খেলত দেশৰ অগ্রগতিকে প্রতিফলিত কৰিছে বুলি ড০ শৰ্মাই উল্লেখ কৰে।
বেডমিণ্টনত ভাৰত সম্প্রতি বিশ্বৰ অন্যতম আগশাৰীৰ দেশ হিচাপে স্বীকৃতি লাভ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই প্রতিযোগিতাই অগণন যুৱক-যুৱতীক এই খেলবিধৰ প্ৰতি অনুপ্রাণিত কৰিব বুলি আশা প্রকাশ কৰে।
অনুষ্ঠানত অংশ লৈ কেন্দ্রীয় মন্ত্রী মনসুখ মন্দাভিয়াই কয়, যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত ভাৰত বিশ্বৰ ক্ৰীড়াৰাষ্ট্ৰ হিচাপে আত্মপ্রকাশ কৰা দিশত আগবাঢ়িছে।
উল্লেখযোগ্য যে ২০০৯ চনত হায়দৰাবাদত শেষবাৰৰ বাবে বি ডব্লিউ এফ বিশ্ব বেডমিন্টন চেম্পিয়নশ্বিপৰ আয়োজন কৰা হৈছিল। এইবাৰৰ প্ৰতিযোগিতাত ৫৫ খন দেশৰ ৮০০ৰো অধিক খেলুৱৈয়ে অংশ ল’ব।