July 19, 2026 12:10 PM

views 39

৩০ সংখ্যক বি ডব্লিউ এফ বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপৰ শুভংকৰ আৰু শীর্ষ সংগীত মুকলি

অহা ১৭ আগষ্টৰ পৰা নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনড'ৰ ষ্টেডিয়ামত হ'বলগীয়া ৩০ সংখ্যক বি ডব্লিউ এফ বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপৰ শুভংকৰ আৰু শীর্ষ সংগীত কালি কেন্দ্রীয় ক্রীড়া মন্ত্রী মনসুখ মন্দাভিয়া আৰু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মুকলি কৰে। ভাৰতীয় বেডমিণ্টন সন্থাৰ সভাপতিৰ দায়িত্বত থকা মুখ্যমন্ত্রী ড০ শর্মাই তেওঁৰ ভাষণত কয়, যে ১৭ বছৰ পাছত বি ডব্লিউ এফ বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপ আয়োজন কৰাটো ভাৰতৰ বাবে এটা ঐতিহাসিক মুহূর্ত। এই প্রতিযোগিতাৰ আয়োজনে বেডমিণ্টন খেলত দেশৰ অগ্রগতিকে প্রতিফলিত কৰিছ...