October 30, 2026 12:27 PM | 30 october

printer

৩০ অক্টোবৰত সংঘটিত উগ্ৰপন্থীৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ ঘটনাৰ আজি ১৮ বছৰ সম্পূৰ্ণ

ৰাজ্যত ২০০৮ চনৰ ৩০ অক্টোবৰত সংঘটিত উগ্ৰপন্থীৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ ঘটনাৰ আজি ১৮ বছৰ সম্পূৰ্ণ হৈছে। এই দিনটোতে গুৱাহাটী, কোকৰাঝাৰ, বঙাইগাঁও আৰু বৰপেটা ৰোডত সংঘটিত বোমা বিস্ফোৰণত বহু লোকে প্ৰাণ হেৰুৱাইছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উগ্ৰপন্থীৰ দ্বাৰা সংঘটিত ধাৰাবাহিক বোমা বিস্ফোৰণত প্ৰাণ হেৰুওৱা লোকসকললৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছে। মুখ্যমন্ত্ৰীয়ে উগ্ৰপন্থীৰ বৰ্বৰতাত প্ৰাণ হেৰুওৱাৰ উপৰি বহু লোকক চিৰদিনৰ বাবে ঘূণীয়া কৰা এই বিস্ফোৰণৰ ঘটনাৰ কথা উল্লেখ কৰি আহত প্ৰতিগৰাকী ব্যক্তি আৰু আপোনজনক হেৰুওৱা লোকসকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। গুৱাহাটী মহানগৰীৰ লগতে অন্যান্য স্থানসমূহত এই ঘটনাত প্ৰাণ হেৰুওৱা নিৰিহ লোকসকলৰ স্মৃতিত আজি শ্ৰদ্ধা নিবেদন কৰা হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।