ৰাজ্যিক নির্বাচন আয়োগে অহা ২ এপ্ৰিলত ৰাভা-হাচং স্বায়ত্ব শাসিত পৰিষদৰ ৩৬টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বিষয়ে ঘোষণা কৰিছে। ৰাজ্যিক নির্বাচন আয়োগে আজি প্ৰকাশ কৰা অধিসূচনা অনুসৰি অহা ১৫ মার্চ হ’ব মনোনয়ন পত্র দাখিলৰ অন্তিম দিন। ১৭ মাৰ্চত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ’ব। ১৯ মার্চ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন। ৪ এপ্ৰিলত ভোটগণনা কৰা হ’ব আৰু সেইদিনাই ফলাফলসমূহ ঘোষণা কৰা হ’ব। ৰাভা-হাচং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে মুঠ ৬৩০ টা ভোটকেন্দ্ৰ স্থাপন কৰা হ’ব। নির্বাচন হ’বলগীয়া ৩৬টা সমষ্টিত মুঠ ৪ লাখ ৪৫ হাজাৰ ৫৮৬ জন ভোটদাতা আছে। ইয়াৰে দুই লাখ ১৬ হাজাৰ ১৮১ গৰাকী পুৰুষ, দুই লাখ ২৯ হাজাৰ ৩৯৪ গৰাকী মহিলা আৰু ১১ গৰাকী তৃতীয় লিংগৰ ভোটদাতা আছে।
Assamese | March 7, 2025 9:04 PM | Akashvani News | Election Commission Assam | Rabha Autonomous Council
২ এপ্ৰিলত ৰাভা-হাচং স্বায়ত্ব শাসিত পৰিষদৰ ৩৬টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ’ব