প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৯ ডিচেম্বৰত আকাশবাণীযোগে প্ৰচাৰ হ’বলগীয়া মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাব ব্যক্ত কৰিব। এয়া হ’ব এই অনুষ্ঠানটোৰ ১১৭ সংখ্যক খণ্ড। জনসাধাৰণে এই অনুষ্ঠানৰ বাবে নিজৰ মতামত আৰু পৰামৰ্শ ১৮০০ ১১ ৭৮০০ টোল ফ্ৰী নম্বৰলৈ প্ৰেৰণ কৰিব পাৰে। তদুপৰি নমো এপ নাইবা মাই গভ মুকলি মঞ্চৰ জৰিয়তে জনসাধাৰণে নিজৰ পৰামৰ্শ প্ৰেৰণ কৰিব পাৰে। অহা ২৭ ডিচেম্বৰ পৰ্যন্ত মতামত আৰু পৰামৰ্শ সমূহ প্ৰেৰণ কৰিব পাৰিব। এই অনুষ্ঠানত আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি airnews ৱেৱছাইট আৰু newsonair মোবাইল এপত উপলব্ধ হ’ব। প্রধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউৱ চেনেলযোগে এই অনুষ্ঠান লাইভ ষ্ট্ৰিমিং কৰা হ’ব। আকাশবাণীয়ে অনুষ্ঠানটি প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব।
Assamese | December 15, 2024 8:56 PM | Mann Ki Baat
২৯ ডিচেম্বৰত প্ৰচাৰ হ’বলগীয়া মন কী বাত অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা মতামত আৰু পৰামৰ্শ আহ্বান