ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠক অহা ২৬ জুনত নলবাৰীত অনুষ্ঠিত হ’ব। দিছপুৰৰ বাহিৰত হ’বলগীয়া চতুৰ্দশ মন্ত্ৰীসভাৰ বৈঠকৰ বাবে নলবাৰী জিলা প্ৰশাসনে প্রস্তুতি চলাইছে। এই উদ্দেশ্যে আজি কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই নলবাৰী জিলা আয়ুক্ত কাৰ্যালয়ত এখন প্রস্তুতি বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত জিলা প্ৰশাসন আৰু অন্যান্য সংশ্লিষ্ট বিষয়াসকলৰ সৈতে কেবিনেট বৈঠক সন্দৰ্ভত যাৱতীয় পৰিকল্পনা গ্রহণ কৰা হয়।
Assamese | June 23, 2024 7:22 PM | assam cabinet
২৬ জুনত নলবাৰীত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠক