বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে আজি কয়, যে ভাৰতে ২৬ খনৰো অধিক দেশৰ সৈতে ২৮ খন প্ৰব্ৰজন আৰু গতিশীলতা অংশীদাৰিত্ব চুক্তিত স্বাক্ষৰ কৰিছে। তেওঁ অবৈধ প্ৰব্ৰজন, শোষণমূলক প্রথা, প্রবঞ্চনামূলক মধ্যস্থতাকাৰী আৰু মানৱ সৰবৰাহৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত দেশৰ সামুহিক দায়ৱদ্ধতাৰ কথা উল্লেখ কৰে। তেওঁ নতুন দিল্লীত আজি মানৱ সম্পদ গতিশীলতা মঞ্চত ভাষণ দি এই কথা উল্লেখ কৰে। তেওঁ প্ৰব্ৰজনৰ ক্ষেত্ৰত প্ৰশাসনিক সংস্কাৰৰ বাবে ডিজিটেল ব্যৱস্থা আৰু সঁজুলি ব্যৱহাৰৰ কথা প্ৰকাশ কৰে। ড০ জয়শংকৰে কয়, যে ই-প্ৰব্ৰজন মঞ্চ মুকলি কৰাৰে পৰাই এই মঞ্চৰ জৰিয়তে ৫০ লাখৰো অধিক লোকক প্ৰব্ৰজনৰ অনুমতি দিয়া হৈছে। তেওঁ লগতে নিৰাপদ, শৃংখলাৱদ্ধ, বৈধ প্ৰব্ৰজন নিশ্চিত কৰাৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতাৰ আৱশ্যকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। মন্ত্ৰীগৰাকীয়ে কয়, যে প্রযুক্তিগত উদ্ভাৱনে উদ্যোগসমূহক অভূতপূৰ্ব গতিৰে নতুন ৰূপ দিছে। তেওঁ কয়, যে বর্তমান বিশ্বত কৃত্রিম বুদ্ধিমত্তা, স্বয়ংক্রিয়কৰণ, ডিজিটেলাইজেচন আৰু সেউজ পৰিৱৰ্তনে ভৱিষ্যৎ অর্থনীতিৰ বাবে প্রয়োজনীয় দক্ষতা পুনৰ সংজ্ঞায়িত কৰিছে। তেওঁ কয়, যে অর্থনৈতিক বিকাশৰ ক্ষেত্ৰত মানৱ সম্পদ অন্যতম গুৰুত্বপূৰ্ণ কাৰক হিচাপে উদ্ভাষিত হৈ উঠিছে। তেওঁ লগতে কয়, যে আকাংক্ষাক সুযোগৰ সৈতে সংযোগ কৰা, চাহিদাৰ সৈতে প্ৰতিভাক সংযোগ কৰা আৰু ব্যক্তিসকলৰ বাবে পথ সৃষ্টি কৰা যাতে, অর্থনৈতিক বিকাশৰ ক্ষেত্ৰত অৱদান আগবঢ়াব পাৰে। ড০ জয়শংকৰে কয়, যে গতিশীলতাৰ ক্ষেত্ৰত ভাৰতৰ দৃষ্টিভংগী কেৱল দেশসমূহত নিয়োগৰ সুবিধা সহজ কৰি তোলাত সীমাৱদ্ধ নহয়, বৰঞ্চ আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ক্ষেত্ৰত এটা অতি গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে বিবেচিত হৈছে।
ড০ জয়শংকৰে কয়, যে এই মঞ্চই ধাৰণাৰ আদান-প্রদান, অভিজ্ঞতাৰ পৰা শিক্ষা, গতিশীলতাৰ বাবে নতুন অন্বেষণ কৰাৰ সুবিধা প্ৰদান কৰিছে। তেওঁ লগতে কয়, যে এই কাৰ্য্যসূচীয়ে নীতি-নিৰ্ধাৰকসকল, ঔদ্যোগিক নেতা, নিয়োগকর্তা আৰু ইয়াৰ অনুশীলনকাৰীসকলক একত্ৰিত কৰে। তেওঁ কয়, যে ভাৰতে সমগ্ৰ বিশ্বৰ ইয়াৰ অংশীদাৰী দেশসমূহৰ সৈতে কাম কৰাৰ বাবে সাজু হৈ আছে। ইয়াৰ উপৰি বিশ্বাসযোগ্য গতিশীলতাৰ পথে অর্থনৈতিক ভেঁটি সৱল কৰাৰ লগতে সামাজিক সহনশীলতা আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা অধিক গভীৰ কৰে।