চৰকাৰে ২৩ ছেপ্তেম্বৰক আয়ুৰ্বেদ দিৱস হিচাপে ঘোষণা কৰিছে। আয়ুষ মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে পূৰ্বে ধনতেৰচৰ দিনা পালন কৰি অহা আয়ুৰ্বেদ দিৱস এতিয়াৰে পৰা ২৩ ছেপ্তেম্বৰত পালন কৰা হ’ব। মন্ত্ৰ্যালয়ে উল্লেখ কৰে যে, আয়ুর্বেদক বিজ্ঞানসন্মত, প্ৰমাণ আধাৰিত আৰু সামগ্রিক চিকিৎসা পদ্ধতি হিচাপে প্ৰচাৰ কৰাৰ বাবে প্ৰতি বছৰে এই দিৱস পালন কৰা হয়। মন্ত্ৰ্যালয়ে সকলো নাগৰিক, স্বাস্থ্য খণ্ডৰ সৈতে জড়িত ব্যক্তি, সংস্থা তথা আন্তঃৰাষ্ট্ৰীয় অংশীদাৰসকলক নতুনকৈ নিৰ্ধাৰিত দিনটোক গ্ৰহণ কৰি প্ৰতি বছৰে ২৩ ছেপ্তেম্বৰত আয়ুৰ্বেদ দিৱস সক্রিয়ভাৱে পালন কৰিবলৈ আহ্বান জনায়।
Assamese | May 14, 2025 8:18 PM | Ayurveda Day
২৩ ছেপ্তেম্বৰক আয়ুৰ্বেদ দিৱস হিচাপে ঘোষণা কেন্দ্ৰৰ