মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ২৩,৯৫৬ গৰাকী উচ্চ আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ঠিকাভিত্তিক শিক্ষকক নিয়মীয়া শিক্ষক হিচাপে নিযুক্তি পত্ৰ প্ৰদান কৰিব। প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে বিশেষ নিযুক্তি প্রক্রিয়াৰে এই শিক্ষকসকলক বাছনি কৰিছে। এই সন্দৰ্ভত যিকোনো ওজৰ আপত্তি দাখিলৰ বাবে কাইলৈৰ পৰা অহা ৮ চেপ্তেম্বৰলৈকে সঞ্চালকালয়ৰ পোর্টেল মুকলি কৰিব বুলি ঘোষণা কৰিছে। সঞ্চালকালয়ে এক নির্দেশনাযোগে বিশেষ নিযুক্তি প্রক্ৰিয়াৰ বিজ্ঞাপন অনুসৰি আবেদন কৰা ঠিকাভিত্তিক আৰু ষ্টেটপুল শিক্ষকসকলে পোৰ্টেলৰ জৰিয়তে যিকোনো ওজৰ আপত্তি দাখিল কৰিব পাৰিব বুলি জানিবলৈ দিছে। তদুপৰি নথিপত্ৰ পৰীক্ষণ সম্পৰ্কীয় কাৰণত আবেদন স্থগিত ৰখা ৮৩৪ জন প্রার্থীয়ে পোর্টলত থকা লিংকত ওজৰ আপত্তিৰ লগতে নথিপত্র দাখিল কৰিব পাৰিব। চূড়ান্ত বাচনি তালিকাত স্থান লাভ কৰা শিক্ষকসকলৰ নিযুক্তিপত্ৰ জিলা আৰু বিদ্যালয়ৰ নামৰ ক্ষেত্ৰত কিবা অমিল ধৰা পৰিলে সেই অভিযোগো পোৰ্টেলত সন্নিবিষ্ট হৈ থকা লিংকৰ জৰিয়তে দাখিল কৰিব পাৰিব। প্ৰতিটো ওজৰ আপত্তিৰ বিপৰীতে সমৰ্থিত নথিপত্র দাখিল কৰিব লাগিব। পোৰ্টেলৰ জৰিয়তে দাখিল কৰা নথিপত্ৰসমূহ পৰীক্ষা কৰি যোগ্য প্রার্থীসকলক নিযুক্তিপত্ৰ প্ৰদান কৰা হ’ব।
Assamese | September 1, 2024 9:13 PM | Teacher's Appointment
২৩,৯৫৬ গৰাকী উচ্চ আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ঠিকাভিত্তিক শিক্ষকক নিয়মীয়া শিক্ষক হিচাপে কাইলৈ নিযুক্তি পত্ৰ প্ৰদান কৰিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই