November 16, 2025 11:59 AM

views 45

নিম্ন প্রাথমিক আৰু উচ্চ প্রাথমিকৰ ৪৫০০টা খালী শিক্ষক পদত অচিৰেই নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ’ব

ৰাজ্যৰ শিক্ষা বিভাগে নিম্ন প্রাথমিক আৰু উচ্চ প্রাথমিকৰ ৪৫০০টা খালী শিক্ষক পদত অচিৰেই নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব। এই ক্ষেত্ৰত প্রাথমিক শিক্ষা সঞ্চালক সুৰঞ্জনা সেনাপতিয়ে ইতিমধ্যে শিক্ষক পদৰ বাবে পূর্বে অনুষ্ঠিত পৰীক্ষাত উত্তীর্ণ প্রার্থীসকলৰ নথি পৰীক্ষণৰ কাম কাইলৈ আৰম্ভ কৰিব বুলি প্রকাশ কৰে। উল্লেখযোগ্য যে নিম্ন প্রাথমিকত ২৯০০ আৰু উচ্চ প্রাথমিকত ১৬০০ পদৰ বাবে চলিত বৰ্ষৰ জানুৱাৰীত বিজ্ঞাপন প্রকাশ পাইছিল। ৪২ হাজাৰ প্রার্থীয়ে আবেদন কৰাৰ পাছত ৪৫০০ পদৰ বিপৰীতে পৰীক্ষাত উত্তীর্ণ প্রার্থী বাছনি কৰা হৈ...

September 1, 2024 9:13 PM

views 49

২৩,৯৫৬ গৰাকী উচ্চ আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ঠিকাভিত্তিক শিক্ষকক নিয়মীয়া শিক্ষক হিচাপে কাইলৈ নিযুক্তি পত্ৰ প্ৰদান কৰিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ২৩,৯৫৬ গৰাকী উচ্চ আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ঠিকাভিত্তিক শিক্ষকক নিয়মীয়া শিক্ষক হিচাপে নিযুক্তি পত্ৰ প্ৰদান কৰিব। প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে বিশেষ নিযুক্তি প্রক্রিয়াৰে এই শিক্ষকসকলক বাছনি কৰিছে। এই সন্দৰ্ভত যিকোনো ওজৰ আপত্তি দাখিলৰ বাবে কাইলৈৰ পৰা অহা ৮ চেপ্তেম্বৰলৈকে সঞ্চালকালয়ৰ পোর্টেল মুকলি কৰিব বুলি ঘোষণা কৰিছে। সঞ্চালকালয়ে এক নির্দেশনাযোগে বিশেষ নিযুক্তি প্রক্ৰিয়াৰ বিজ্ঞাপন অনুসৰি আবেদন কৰা ঠিকাভি...