প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ পৰা প্ৰদান কৰা ভাষণত সদ্যসমাপ্ত পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰা ভাৰতীয় খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ লগতে অহা ২৮ আগষ্টৰ পৰা ৮ ছেপ্তেম্বৰলৈ পেৰিছত হ’বলগীয়া পেৰালিম্পিকত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় এথলীটৰ দলটোৰ প্ৰতিও আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰীমোদীয়ে লগতে কয় যে, ২০৩৬ চনত অলিম্পিক ক্রীড়া অনুষ্ঠিত কৰাৰ বাবে ভাৰতে সপোন দেখিছে আৰু ইয়াৰ বাবে যাৱতীয় প্রস্তুতি ইতিমধ্যে আৰম্ভ কৰা হৈছে।
Assamese | August 15, 2024 8:33 PM | Olympic | PM Modi
২০৩৬ চনত অলিম্পিক ক্রীড়া অনুষ্ঠিত কৰাৰ বাবে ভাৰতে সপোন দেখিছেঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী