কেন্দ্ৰীয় চৰকাৰে ২০৩০ চনৰ ভিতৰত দেশৰ বস্ত্ৰ উদ্যোগৰ ব্যৱসায় ৩ লাখ ৫০ হাজাৰ কোটি টকালৈ বৃদ্ধি কৰাৰ লক্ষ্য স্থিৰ কৰিছে। বস্ত্ৰ নগৰী চুৰাট ভ্ৰমণৰত কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰিৰাজ সিঙে কালি বিয়লি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিষয়াবৰ্গৰ সৈতে আয়োজিত এখন পর্যালোচনা বৈঠকত এই মন্তব্য কৰে। বৈঠকত মন্ত্ৰীগৰাকীয়ে নৱচাৰিত স্থাপন কৰিবলগীয়া পি এম মিত্ৰ পাৰ্কৰ কামৰ অগ্ৰগতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে আজি বিয়লি ভাৰত টেক্স ২০২৫ শীৰ্ষক অনুষ্ঠানৰ প্ৰচাৰৰ বাবে চূৰাটত এটা ৰোড শ্ব’ত অংশগ্ৰহণ কৰাৰ কথা আছে।
Assamese | November 29, 2024 10:19 AM | Giriraj Singh
২০৩০ৰ ভিতৰত দেশৰ বস্ত্ৰ উদ্যোগৰ ব্যৱসায় ৩ লাখ ৫০ হাজাৰ কোটি টকালৈ বৃদ্ধিৰ লক্ষ্য