August 7, 2025 9:14 PM

views 59

দেশৰ বৰ্ণাঢ্য বয়ন পৰম্পৰাক স্বীকৃতি দি আজি বিভিন্ন অংশত একাদশ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন

দেশৰ বৰ্ণাঢ্য বয়ন পৰম্পৰাক স্বীকৃতি দি আজি বিভিন্ন অংশত একাদশ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন কৰা হয়। ব্ৰিটিছ শাসনক প্রতিহত কৰাৰ অংশ হিচাপে ১৯০৫ চনৰ ৭ আগষ্টত আৰম্ভ কৰা ঐতিহাসিক স্বদেশী আন্দোলনৰ প্ৰতি সন্মান জনাই এই দিৱস পালন কৰা হয়। এই আন্দোলনে থলুৱা উদ্যোগ, বিশেষকৈ হস্ততাঁতশিল্পৰ প্ৰসাৰ ঘটাইছিল। কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰীৰাজ সিঙে আজি নতুন দিল্লীত সন্ত কবিৰ হস্ততাঁত বঁটা আৰু ৰাষ্ট্ৰীয় হস্ততাঁত বঁটা ২০২৫ প্ৰদান কৰে। সন্ত কবিৰ বঁটাত ৩ লাখ ৫০ হাজাৰ টকা আৰু ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত ২ লাখ টক...

November 29, 2024 10:19 AM

views 69

২০৩০ৰ ভিতৰত দেশৰ বস্ত্ৰ উদ্যোগৰ ব্যৱসায় ৩ লাখ ৫০ হাজাৰ কোটি টকালৈ বৃদ্ধিৰ লক্ষ্য

কেন্দ্ৰীয় চৰকাৰে ২০৩০ চনৰ ভিতৰত দেশৰ বস্ত্ৰ উদ্যোগৰ ব্যৱসায় ৩ লাখ ৫০ হাজাৰ কোটি টকালৈ বৃদ্ধি কৰাৰ লক্ষ্য স্থিৰ কৰিছে। বস্ত্ৰ নগৰী চুৰাট ভ্ৰমণৰত কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰিৰাজ সিঙে কালি বিয়লি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিষয়াবৰ্গৰ সৈতে আয়োজিত এখন পর্যালোচনা বৈঠকত এই মন্তব্য কৰে। বৈঠকত মন্ত্ৰীগৰাকীয়ে নৱচাৰিত স্থাপন কৰিবলগীয়া পি এম মিত্ৰ পাৰ্কৰ কামৰ অগ্ৰগতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে আজি বিয়লি ভাৰত টেক্স ২০২৫ শীৰ্ষক অনুষ্ঠানৰ প্ৰচাৰৰ বাবে চূৰাটত এটা ৰোড শ্ব'ত অংশগ্ৰহণ কৰাৰ কথা আছে।

November 17, 2024 8:16 PM

views 63

কেন্দ্ৰীয় চৰকাৰে বস্ত্ৰ নিৰ্মাণ উদ্যোগৰ অগ্ৰগতি ত্বৰান্বিত কৰিবলৈ ভিজন নেক্সট শীৰ্ষক কাৰ্যসূচী মুকলি কৰিছেঃ কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰিৰাজ সিঙ

কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰিৰাজ সিঙে কয়, যে কেন্দ্ৰীয় চৰকাৰে বস্ত্ৰ নিৰ্মাণ উদ্যোগৰ অগ্ৰগতি ত্বৰান্বিত কৰিবলৈ ভিজন নেক্সট শীৰ্ষক কাৰ্যসূচী মুকলি কৰিছে। চেন্নাইৰ ৰাষ্ট্ৰীয় ফেশ্বন প্রযুক্তি প্ৰতিষ্ঠানত আজি আয়োজিত পর্যালোচনা বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত তেওঁ কয়, যে দেশৰ বস্ত্ৰৰ শৈলী নির্মাণ উদ্যোগত মূল্য ১৭,৬০০ কোটি ডলাৰত উপনীত হৈছে। ২০৩০ চনৰ উদ্যোগটোৱে ৩৫ হাজাৰ কোটি ডলাৰৰ সীমা স্পৰ্শ কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে । মন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ বস্ত্ৰ উদ্যোগত তামি...

September 28, 2024 8:18 PM

views 86

দেশৰ হস্ততাঁত আৰু হস্তশিল্পৰ সামগ্ৰীসমূহৰ ৰপ্তানিৰ ক্ষেত্ৰত ৬০ হাজাৰ কোটি টকাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছেঃ কেন্দ্ৰীয় মন্ত্ৰী গিৰীৰাজ সিঙ

কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰীৰাজ সিঙে কৈছে যে, তেওঁৰ বিভাগে দেশৰ হস্ততাঁত আৰু হস্তশিল্পৰ সামগ্ৰীসমূহৰ ৰপ্তানিৰ ক্ষেত্ৰত ৬০ হাজাৰ কোটি টকাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। হস্ততাঁত আৰু হস্তশিল্পৰ সামগ্ৰীসমূহৰ ৰপ্তানি মূল্য বৰ্তমান ৪৫ হাজাৰ কোটি টকা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে এই সংখ্যাটো প্ৰচাৰ, আৰ্থিক সাহায্য আৰু প্ৰশিক্ষণৰ জৰিয়তে বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তা আছে বুলি মন্তব্য কৰে। আজি বিহাৰৰ পাটনাৰ উপেন্দ্ৰ মহাৰথী শিল্প সংস্থানত হস্তশিল্পৰ বাবে ৰপ্তানি প্ৰচাৰ পৰিষদৰ প্ৰথমটো কাৰ্যালয় মুকলি কৰি মন্ত্ৰী...