July 14, 2026 7:45 PM | scolarship

printer

২০২৬-২৭ শিক্ষা বৰ্ষৰ বাবে ছাত্ৰ-ছাত্ৰীৰ প্ৰাক মেট্ৰিক আৰু মেট্ৰিকৰ পৰৱৰ্তী বৃত্তিৰ বাবে অনলাইন প্ৰক্ৰিয়া আৰম্ভ

২০২৬-২৭ শিক্ষা বৰ্ষৰ বাবে ৰাজ্যৰ অন্যান্য পিছপৰা শ্ৰেণী, অর্থনৈতিকভাৱে পিছপৰা শ্ৰেণী, অধিসূচিত নোহোৱা জনজাতিৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰাক মেট্ৰিক আৰু মেট্ৰিকৰ পৰৱৰ্তী বৃত্তিৰ বাবে অনলাইন প্ৰক্ৰিয়া আৰম্ভ হৈছে। অসম অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকালয়ে এই কথা প্রকাশ কৰিছে। যোগ্য ছাত্ৰ-ছাত্ৰীসকলে ৰাষ্ট্ৰীয় জলপাণি প’ৰ্টেল WWW.SCHOLARSHIP.GOV.IN-ত আবেদন কৰিব পাৰিব। আবেদনৰ অন্তিম তাৰিখ ৩০ ছেপ্তেম্বৰ ধাৰ্য কৰা হৈছে। প্ৰাক মেট্ৰিক বৃত্তিৰ বাবে অকল চৰকাৰী বিদ্যালয়ৰ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে আবেদন কৰিব পাৰিব। একাদশ শ্ৰেণীৰ ওপৰৰ সকলো পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীয়ে মেট্ৰিকৰ পৰৱৰ্তী বৃত্তিৰ বাবে আবেদন কৰিব পাৰিব।