July 14, 2026 7:45 PM

views 23

২০২৬-২৭ শিক্ষা বৰ্ষৰ বাবে ছাত্ৰ-ছাত্ৰীৰ প্ৰাক মেট্ৰিক আৰু মেট্ৰিকৰ পৰৱৰ্তী বৃত্তিৰ বাবে অনলাইন প্ৰক্ৰিয়া আৰম্ভ

২০২৬-২৭ শিক্ষা বৰ্ষৰ বাবে ৰাজ্যৰ অন্যান্য পিছপৰা শ্ৰেণী, অর্থনৈতিকভাৱে পিছপৰা শ্ৰেণী, অধিসূচিত নোহোৱা জনজাতিৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰাক মেট্ৰিক আৰু মেট্ৰিকৰ পৰৱৰ্তী বৃত্তিৰ বাবে অনলাইন প্ৰক্ৰিয়া আৰম্ভ হৈছে। অসম অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকালয়ে এই কথা প্রকাশ কৰিছে। যোগ্য ছাত্ৰ-ছাত্ৰীসকলে ৰাষ্ট্ৰীয় জলপাণি প'ৰ্টেল WWW.SCHOLARSHIP.GOV.IN-ত আবেদন কৰিব পাৰিব। আবেদনৰ অন্তিম তাৰিখ ৩০ ছেপ্তেম্বৰ ধাৰ্য কৰা হৈছে। প্ৰাক মেট্ৰিক বৃত্তিৰ বাবে অকল চৰকাৰী বিদ্যালয়ৰ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্...

December 20, 2025 6:40 PM

views 34

২০২৫-২৬ বৰ্ষৰ প্ৰাক-প্ৰৱেশিকা বৃত্তিৰ বাবে আবেদন পত্ৰৰ আহ্বান

ৰাজ্যৰ চৰকাৰী, স্বীকৃতিপ্রাপ্ত অথবা প্রাদেশিকীকৃত মজলীয়া আৰু নিম্ন প্রাথমিক বিদ্যালয়সমূহত অধ্যয়নৰত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ অনুসূচিত জনজাতিৰ ছাত্ৰ-ছাত্ৰীৰ পৰা ২০২৫-২৬ বৰ্ষৰ প্ৰাক-প্ৰৱেশিকা বৃত্তিৰ বাবে আবেদন পত্ৰৰ আহ্বান জনোৱা হৈছে। ভৈয়াম জনজাতি পৰিক্ৰমা সঞ্চালকালয়ে এখন জাননীযোগে আবেদন পত্র আহ্বানৰ কথা প্ৰকাশ কৰিছে। পিতৃ মাতৃ বা অভিভাৱকৰ বাৰ্ষিক আয় ৫০ হাজাৰ টকাৰ কম হোৱা ছাত্ৰ ছাত্ৰীসকলে এই আবেদন কৰিব পাৰিব। ছাত্র-ছাত্রীসকলে বৃত্তিৰ বাবে www.directoratetribalaffairsplain.assam.gov.in-ৰ জৰি...