ৰাজ্যৰ কৃষকসকলক পৰিশ্ৰমৰ উচিত মূল্য প্রদানেৰে তেওঁলোকৰ উপাৰ্জন বৃদ্ধি কৰাৰ জৰিয়তে কৃষি-ভিত্তিক অৰ্থনীতিৰ সবলীকৰণৰ বাবে অসম চৰকাৰে ২০২৬ ২৭ বৰ্ষত ৮ লাখ ৪৯ হাজাৰ মেট্রিক টন ধান ক্ৰয়ৰ লক্ষ্য লৈছে। ৰাজ্যৰ কৃষি ক্ষেত্ৰক আধুনিক স্বচ্ছ আৰু প্ৰযুক্তি নিৰ্ভৰ অর্থনীতি হিচাপে গঢ়ি তোলাৰ বাবে লোৱা পদক্ষেপৰ অংশ হিচাপে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ১৮১টা নির্ধাৰিত কেন্দ্ৰত ধান ক্ৰয়ৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। কামৰূপ মহানগৰ জিলাৰ কৃষকসকলৰ বাবে মালয়বাৰী আৰু টোপাটলীত ধান ক্রয় কেন্দ্র স্থাপন কৰা হৈছে। পঞ্জীয়নভুক্ত কৃষকসকলে এই কেন্দ্ৰসমূহৰ পৰা ন্যূনতম সমর্থন মূল্যত ধান বিক্রী কৰিব পাৰিব।
এইবাৰ প্ৰতি কুইণ্টলত দুহেজাৰ ৪৪১ টকাৰ ন্যূনতম সমর্থন মূল্য নির্ধাৰণ কৰা হৈছে। ধান ক্ৰয়ৰ বাবে নির্ধাৰিত কেন্দ্ৰ সমূহৰ ভিতৰত ১৬৯ টা অসম খাদ্য আৰু অসামৰিক যোগান নিগমৰ আৰু ১২টা ভাৰতীয় খাদ্য নিগমৰ কেন্দ্র আছে। এই কেন্দ্রসমূহৰ জৰিয়তে কৃষকসকলে আজিৰে পৰা অহা বছৰৰ ৩১ মে’লৈকে ধান বিক্ৰী কৰিব পাৰিব। ধান বিক্ৰী কৰাৰ বাবে খেতিয়কসকলে নাম পঞ্জীয়ন কৰিব লাগিব। কৃষিমন্ত্রী পীযূষ হাজৰিকাই এই চৰকাৰী কেন্দ্ৰসমূহৰ সুবিধা গ্ৰহণ কৰি স্বাৱলম্বী অসম গাঢ়াৰ যাত্ৰাত অংশীদাৰ হ’বলৈ পঞ্জীকৃত কৃষক সকলৰ প্ৰতি আহ্বান জনাইছে।