November 1, 2026 8:17 PM
4
২০২৬ ২৭ বৰ্ষত ৮ লাখ ৪৯ হাজাৰ মেট্রিক টন ধান ক্ৰয়ৰ লক্ষ্য অসম চৰকাৰৰ
ৰাজ্যৰ কৃষকসকলক পৰিশ্ৰমৰ উচিত মূল্য প্রদানেৰে তেওঁলোকৰ উপাৰ্জন বৃদ্ধি কৰাৰ জৰিয়তে কৃষি-ভিত্তিক অৰ্থনীতিৰ সবলীকৰণৰ বাবে অসম চৰকাৰে ২০২৬ ২৭ বৰ্ষত ৮ লাখ ৪৯ হাজাৰ মেট্রিক টন ধান ক্ৰয়ৰ লক্ষ্য লৈছে। ৰাজ্যৰ কৃষি ক্ষেত্ৰক আধুনিক স্বচ্ছ আৰু প্ৰযুক্তি নিৰ্ভৰ অর্থনীতি হিচাপে গঢ়ি তোলাৰ বাবে লোৱা পদক্ষেপৰ অংশ হিচাপে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ১৮১টা নির্ধাৰিত কেন্দ্ৰত ধান ক্ৰয়ৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। কামৰূপ মহানগৰ জিলাৰ কৃষকসকলৰ বাবে মালয়বাৰী আৰু টোপাটলীত ধান ক্রয় কেন্দ্র স্থাপন কৰা হৈছে। পঞ্জীয়নভুক্ত কৃষকসকল...