September 18, 2026 12:33 PM | silpisanmanassam

printer

২০২৬-২৭ বিত্তীয় বৰ্ষৰ অসম চৰকাৰৰ শিল্পী পেঞ্চন আঁচনিৰ বাবে শিল্পীসকলৰ পৰা আবেদন আহ্বান

অসম চৰকাৰে ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰত বিশেষ বৰঙণি আগবঢ়োৱা ব্যক্তিসকললৈ পেঞ্চন, পৰিয়াল পেঞ্চন তথা বার্ষিক শিল্পী সন্মানৰ লগতে ইতিমধ্যে ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰত উল্লেখযোগ্য বৰঙণি আগবঢ়োৱা শিল্পীৰ অভাৱগ্ৰস্ত পৰিয়ালবৰ্গলৈ বিশেষ পৰিয়াল পেঞ্চন আগবঢ়াই আহিছে।

ৰাজ্য চৰকাৰৰ ১৯৮৭ চনৰ শিল্পী পেঞ্চন আৰু বিশেষ পৰিয়াল পেঞ্চন সংশোধিত নিয়মাৱলীৰ অধীনত ২০২৬-২৭ বিত্তীয় বৰ্ষৰ শিল্পী পেঞ্চন আঁচনিৰ বাবে শিল্পীসকলৰ পৰা প্ৰয়োজনীয় প্রমাণপত্রসহ আবেদন আহ্বান কৰা হৈছে।

ইয়াৰ বাবে কালি দুপৰীয়া ১২ বজাৰ পৰা অনলাইনযোগে পঞ্জীয়ন মুকলি কৰা হৈছে। www.directorculture.assam.gov.in বা www.silpisanmanassam.com ৱেবছাইটত অনলাইনযোগে ১০ অক্টোবৰৰ মাজনিশা পর্যন্ত পঞ্জীয়ন কৰিব পাৰিব।

নিৰ্দিষ্ট তাৰিখৰ পাছত অথবা অফলাইনযোগে দাখিল কৰা আবেদন গ্রহণযোগ্য বুলি বিবেচিত নহ’ব। সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ সাংস্কৃতিক কেন্দ্ৰসমূহৰ দায়িত্বত থকা সাংস্কৃতিক উন্নয়ন বিষয়া অথবা নিম্নবৰ্গৰ সহায়কসকলে সংশ্লিষ্ট জিলাখনৰ ইচ্ছুক দিব্যাংগ আৰু শয্যাগত শিল্পীসকলৰ ঘৰলৈ গৈ অনলাইন আবেদন দাখিল কৰাত সহায় কৰিব।

সংশ্লিষ্ট সাংস্কৃতিক উন্নয়ন বিষয়া অথবা নিম্নবৰ্গৰ সহায়কসকলৰ নাম আৰু যোগাযোগ নম্বৰ উপলব্ধ হ’ব। বিতং তথ্যৰ বাবে ৯৪০১১-৮৩৯৯৬ ম’বাইল নম্বৰত পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ অথবা silpipensiondca@gmail.com  ই-মেইলযোগে যোগাযোগ কৰিব পাৰিব।