September 18, 2026 12:33 PM

views 40

২০২৬-২৭ বিত্তীয় বৰ্ষৰ অসম চৰকাৰৰ শিল্পী পেঞ্চন আঁচনিৰ বাবে শিল্পীসকলৰ পৰা আবেদন আহ্বান

অসম চৰকাৰে ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰত বিশেষ বৰঙণি আগবঢ়োৱা ব্যক্তিসকললৈ পেঞ্চন, পৰিয়াল পেঞ্চন তথা বার্ষিক শিল্পী সন্মানৰ লগতে ইতিমধ্যে ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰত উল্লেখযোগ্য বৰঙণি আগবঢ়োৱা শিল্পীৰ অভাৱগ্ৰস্ত পৰিয়ালবৰ্গলৈ বিশেষ পৰিয়াল পেঞ্চন আগবঢ়াই আহিছে। ৰাজ্য চৰকাৰৰ ১৯৮৭ চনৰ শিল্পী পেঞ্চন আৰু বিশেষ পৰিয়াল পেঞ্চন সংশোধিত নিয়মাৱলীৰ অধীনত ২০২৬-২৭ বিত্তীয় বৰ্ষৰ শিল্পী পেঞ্চন আঁচনিৰ বাবে শিল্পীসকলৰ পৰা প্ৰয়োজনীয় প্রমাণপত্রসহ আবেদন আহ্বান কৰা হৈছে। ইয়াৰ বাবে কালি দুপৰীয়া ১২ বজাৰ পৰা অনলাইনযোগে পঞ্জীয়...