অসম চৰকাৰৰ ২০২৬-২৭ বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেটত বজালী জিলাত চিকিৎসা মহাবিদ্যালয় স্থাপনৰ ঘোষণা আৰু ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উন্নয়নৰ বাবে ৫০ কোটি টকা আবণ্টনৰ প্ৰস্তাৱক আদৰণি জনাই আজি পাঠশালাত বজালী জিলা বিজেপিয়ে এখন সংবাদ মেল অনুষ্ঠিত কৰে। সংবাদমেলত জিলা বিজেপিৰ সভাপতি মুকুট কলিতাই ৰাজ্যিক বাজেটক জনকল্যাণমুখী, উন্নয়নমুখী আৰু দূৰদৰ্শী বাজেট বুলি অভিহিত কৰে।
তেওঁ কয় যে বজালীত চিকিৎসা মহাবিদ্যালয় স্থাপনৰ সিদ্ধান্তই সমগ্ৰ নামনি অসমৰ স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা কৰিব। তেওঁ লগতে সহজ যোগাযোগ আৰু ভৱিষ্যত সম্প্ৰসাৰণৰ সুবিধাৰ বাবে চিকিৎসা মহাবিদ্যালয়খন ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত স্থাপন কৰাৰ দাবী জনায়।
সংবাদমেলত ভট্টদেৱ বিশ্ববিদ্যালয়লৈ ৫০ কোটি টকা আৱণ্টনৰ প্ৰস্তাৱক এক ঐতিহাসিক পদক্ষেপ বুলি উল্লেখ কৰি বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি, গৱেষণা আৰু উচ্চ শিক্ষাৰ মান উন্নয়নত ইয়াৰ বিশেষ ভূমিকা থাকিব বুলি আশা প্ৰকাশ কৰে।
ইয়াৰোপৰি বজালীৰ ভালুকি অঞ্চলত চৰকাৰী ভূমিত উদ্যোগিক পাম স্থাপন, বজালী জিলা আয়ুক্ত সংহত কাৰ্য্যালয়ৰ নিৰ্মাণ তৰান্বিত কৰা আৰু নতুন বজালী জিলা চিকিৎসালয় শীঘ্ৰে মুকলি কৰাৰ বাবেও চৰকাৰৰ ওচৰত দাবী জনোৱা হয়।
সংবাদমেলত অৰুণোদয়ই আঁচনি, কৃষি, স্বাস্থ্য, শিক্ষা, মহিলা আত্মসহায়ক গোট, যুৱ সমাজ আৰু চাহ জনগোষ্ঠীৰ বাবে বাজেটত অর্ন্তভূক্ত বিভিন্ন কল্যাণমূলক ব্যৱস্থাৰ শলাগ লোৱাৰ লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু বিত্তমন্ত্ৰী জয়ন্তমল্ল বৰুৱাক ধন্যবাদ জ্ঞাপন কৰা হয়।