ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মু, উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ছাফ চেম্পিয়নশ্বিপ প্রতিযোগিতাত খিতাপ দখল কৰাৰ বাবে ভাৰতীয় মহিলা ফুটবল দলটোক অভিনন্দন জনাইছে। উল্লেখযোগ্য যে গোৱাৰ মাডগাঁৱত অনুষ্ঠিত এই প্রতিযোগিতাত কালি ভাৰতে পূৰ্বৰ চেম্পিয়ন বাংলাদেশক ৩-১ গ’লত পৰাস্ত কৰি অভিলেখ সংখ্যকভাবে ষষ্ঠ বাৰৰ বাবে খিতাপ দখল কৰে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বার্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে মহিলা ফুটবল খেলুৱৈসকলে এই প্রতিযোগিতাত অনন্য কৌশল, নিষ্ঠা তথা একতাৰ মনোভাৱ প্ৰদৰ্শন কৰিছে। এই উল্লেখনীয় সাফল্যই দেশজুৰি যুৱতীসকলক নিজৰ সপোন সফল কৰাৰ উদ্দেশ্যে আত্মবিশ্বাস আৰু সাহসেৰে আগবাঢ়ি যাবলৈ উৎসাহিত কৰিব বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে আশা প্রকাশ কৰে।
উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে এটা বার্তাত কয় যে দেশৰ মহিলা ফুটবল দলটোৰ এই শক্তিয়ে উল্লেখনীয় সাফল্য প্রতিফলিত কৰিছে। এই সাফল্যই দেশজুৰি খেলুৱৈসকলক উৎসাহিত কৰিব বুলি তেওঁ আশা প্রকাশ কৰে। তেওঁ লগতে এয়া দেশৰ বাবে গৌৰৱৰ মুহূৰ্ত বুলিও উল্লেখ কৰে।
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কয় যে দলটোৱে সমগ্র প্রতিযোগিতাখনতেই উৎকৃষ্ট প্রদর্শন কৰিছে। এই প্রদর্শনে সমাগত সময়ত অধিক যুৱক-যুৱতীক ফুটবল খেলাৰ বাবে উৎসাহিত কৰিব বুলি তেওঁ প্রকাশ কৰে। শ্রীমোদীয়ে দলটোক ভবিষ্যতৰ বাবে শুভেচ্ছা জনায়।
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ছাফ চেম্পিয়নশ্বিপত খিতাপ দখল কৰা মহিলা ফুটবল দলটোক অভিনন্দন জনাই সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বার্তাত কয় যে এই উল্লেখনীয় সাফল্যই খেলুৱৈসকলৰ অতুসনীয় পৰিশ্ৰম, নিষ্ঠা আৰু অনন্য দলীয় মনোভার প্রতিফলিত কৰিছে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্রীড়া মন্ত্রী ড০ মনসুখ মাণ্ডাভিয়াইও মহিলা ফুটবল দলটোক ছাফ চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে।