অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে ২০২৫-২৬ বৰ্ষৰ শিল্পী পেঞ্চন আঁচনিৰ বাবে শিল্পীসকলৰ পৰা প্রয়োজনীয় প্রমাণপত্রসমূহ আবেদনৰ আহ্বান জনাইছে। শিল্পীসকলে www.directorculture.assam.gov.in www.silpisanmanassam.com যোগে অনলাইন আবেদন কৰিব পাৰিব। অহা ১০ অক্টোবৰ আবেদনৰ অনলাইন পঞ্জীয়নৰ অন্তিম দিন। উল্লেখযোগ্য যে চৰকাৰে ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰত বিশেষ বৰঙণি আগবঢ়োৱা ব্যক্তিসকললৈ পেঞ্চন, পৰিয়াল পেঞ্চন তথা বার্ষিক শিল্পী সন্মানৰ লগতে শিল্পীৰ অভাৱগ্ৰস্ত পৰিয়াললৈ বিশেষ পেঞ্চন আগবঢ়াই আহিছে।
Assamese | September 19, 2025 7:51 PM | Aakashbani | Akashvani Guwahati
২০২৫-২৬ বৰ্ষৰ শিল্পী পেঞ্চন আঁচনিৰ বাবে শিল্পীসকলৰ পৰা প্রয়োজনীয় প্রমাণপত্রসমূহ আবেদনৰ আহ্বান অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ