May 1, 2025 11:54 AM | Sugarcane Price

printer

২০২৫-২৬ বৰ্ষৰ বাবে প্ৰতি কুইণ্টল কুঁহিয়াৰৰ মূল্য ৩৫৫ টকা ধাৰ্য কৰাৰ প্ৰস্তাৱত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন

মন্ত্ৰীসভাৰ অৰ্থনৈতিক পৰিক্ৰমা বিষয়ক কমিটীয়ে ২০২৫-২৬ বৰ্ষৰ বাবে প্ৰতি কুইণ্টল কুঁহিয়াৰৰ উচিত আৰু লাভজনক মূল্য ৩৫৫ টকা ধাৰ্য কৰাৰ প্ৰস্তাৱত অনুমোদন দিছে বুলি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে উল্লেখ কৰে। তেওঁ কয়, যে এই সিদ্ধান্তই কুঁহিয়াৰ খেতিয়কসকলৰ উপৰি চেনিকল আৰু আনুসংগিক কাম-কাজত নিয়োজিত ৫ লাখ শ্রমিকক উপকৃত কৰিব।