বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেটত কৃষি, গ্ৰামাঞ্চলৰ সমৃদ্ধি, নগৰীয়া বিকাশ আৰু নিৰন্তৰ সংস্কাৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে বুলি প্ৰকাশ কৰিছে। সংসদত বাজেট উত্থাপন কৰাৰ পাছত নতুন দিল্লীত কালি বিয়লি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বিত্ত মন্ত্ৰীগৰাকীয়ে কয়, যে বাজেটত বিকশিত ভাৰতৰ দিশে দেশৰ যাত্ৰা সন্দৰ্ভত ভালেমান ব্যৱস্থাৰ কৰা উল্লেখ কৰা হৈছে। তেওঁ কয়, যে সংস্কাৰৰ ছটা নিৰ্দিষ্ট বিষয়ৰ কথা বাজেটত উল্লেখ কৰা হৈছে আৰু চৰকাৰে সংস্কাৰৰ কাৰ্যসূচী অব্যাহত ৰাখিব। বাজেটত স্বাস্থ্য আৰু শিক্ষা খণ্ডৰ স্বাৰ্থৰ প্ৰতি অগ্ৰাধিকাৰ দিয়া হৈছে বুলি শ্ৰীমতী সীতাৰমণে প্ৰকাশ কৰে। তেওঁ, কয় যে জনসাধাৰণৰ মতামতৰ প্ৰতি সঁহাৰি জনাই যোৱা জুলাইত ঘোষণা কৰা আয়কৰ সৰলিকৰণৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। এই সন্দৰ্ভত অহা সপ্তাহত সংসদত নতুন আয়কৰ বিধেয়ক উত্থাপন কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে। তেওঁ কয়, যে শুল্কব্যৱস্থা সৰলীকৰণ কৰা হৈছে অথবা হ্ৰাস কৰা হৈছে। তেওঁ লগতে কয়, যে কৰ ৰেহাই সীমা ৭ লাখৰ পৰা ১২ লাখলৈ বৃদ্ধি কৰাৰ ফলত এক কোটিৰো অধিক লোক উপকৃত হ’ব।
Assamese | February 2, 2025 11:21 AM | Union Budget 2025-26
২০২৫-২৬ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেটত কৃষি, গ্ৰামাঞ্চলৰ সমৃদ্ধি, নগৰীয়া বিকাশ আৰু নিৰন্তৰ সংস্কাৰত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ বিশেষ গুৰুত্ব আৰোপ