February 2, 2025 12:07 PM

views 77

২০২৫-২৬ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেটত উত্তৰ-পূৰ্বাঞ্চলৰ বাবে আৱণ্টিত পুঁজি বৃদ্ধি

২০২৫-২৬ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেটত উত্তৰ-পূৰ্বাঞ্চলৰ বাবে আৱণ্টিত পুঁজি আৰু উত্তৰ-পূব উন্নয়ন মন্ত্ৰ্যালয়ৰ পুঁজি বৃদ্ধি কৰা হৈছে। বাজেটত এইবেলি উত্তৰ-পূব উন্নয়ন মন্ত্ৰ্যালয়ৰ বাবে ৫,৯১৫ কোটি টকা আৱণ্টন কৰা হৈছে। ২০২৪-২৫ বৰ্ষৰ বাজেটত এই মন্ত্ৰ্যালয়ৰ বাবে চাৰি হাজাৰ ছয় কোটি টকা ধাৰ্য্য কৰা হৈছিল। বাজেটত উল্লেখ কৰা মতে এই শিতানত আৱণ্টিত ধনৰ বৃদ্ধিৰ পৰিমাণ প্রায় ৪৭.৬ শতাংশ। ইয়াৰ উপৰি অসমৰ চাহ শ্ৰমিকসকলৰ সামাজিক সুৰক্ষাৰ বাবে বাজেটত ৬৬ কোটি ৮৭ লাখ টকা আৱণ্টন দিয়া হৈছে। এইবাৰৰ বাজেটত বিত্...

February 2, 2025 11:27 AM

views 74

২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেটক দেশৰ প্ৰগতিৰ পৰিৱৰ্তনকামী পদক্ষেপ বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিহিত কৰিছে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেটক দেশৰ প্ৰগতিৰ পৰিৱৰ্তনকামী পদক্ষেপ বুলি অভিহিত কৰিছে। এই বাজেটে বিকশিত ভাৰতৰ লক্ষ্যৰ প্ৰতি দেশৰ যাত্ৰাক ত্বৰান্বিত কৰিব বুলিও তেওঁ উল্লেখ কৰে। এই বাজেটে কৃত্রিম বুদ্ধিমত্তা, পুতলা নির্মাণ, কৃষি, জোতা-চেণ্ডেল, খাদ্য প্রসংস্কৰণকে ধৰি বিভিন্ন ক্ষেত্ৰত বহনক্ষম উন্নয়ন তথা উদ্ভাৱন আৰু উদ্যমিতাৰ পথ প্ৰশস্ত কৰা বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে, এই বাজেটত ১৪০ কোটি জনতাৰ আশা-আকাংক্ষাক বাস্তৱায়িত কৰাৰ বাবে থকা চৰকাৰৰ প্ৰতিশ্ৰুতিবদ...

February 2, 2025 11:21 AM

views 41

২০২৫-২৬ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেটত কৃষি, গ্ৰামাঞ্চলৰ সমৃদ্ধি, নগৰীয়া বিকাশ আৰু নিৰন্তৰ সংস্কাৰত  বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ বিশেষ গুৰুত্ব আৰোপ

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেটত কৃষি, গ্ৰামাঞ্চলৰ সমৃদ্ধি, নগৰীয়া বিকাশ আৰু নিৰন্তৰ সংস্কাৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে বুলি প্ৰকাশ কৰিছে। সংসদত বাজেট উত্থাপন কৰাৰ পাছত নতুন দিল্লীত কালি বিয়লি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বিত্ত মন্ত্ৰীগৰাকীয়ে কয়, যে বাজেটত বিকশিত ভাৰতৰ দিশে দেশৰ যাত্ৰা সন্দৰ্ভত ভালেমান ব্যৱস্থাৰ কৰা উল্লেখ কৰা হৈছে। তেওঁ কয়, যে সংস্কাৰৰ ছটা নিৰ্দিষ্ট বিষয়ৰ কথা বাজেটত উল্লেখ কৰা হৈছে আৰু চৰকাৰে সংস্কাৰৰ কাৰ্যসূচী অব্যাহত ৰাখিব। বাজেট...

February 2, 2025 11:17 AM

views 53

নামৰূপত বছৰি ১২ লাখ ৭০ হাজাৰ মেট্রিকটন উৎপাদনক্ষম ইউৰিয়া প্রকল্প স্থাপনৰ কথা কেন্দ্রীয় বিত্ত মন্ত্রীৰ ঘোষণা

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমণে কালি সংসদত ২০২৫-২৬ বৰ্ষৰ বাজেট উত্থাপন কৰি নামৰূপত বছৰি ১২ লাখ ৭০ হাজাৰ মেট্রিকটন উৎপাদনক্ষম ইউৰিয়া প্রকল্প স্থাপনৰ কথা ঘোষণা কৰে। এই ইউৰিয়া প্ৰকল্পটো উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ কাৰখানা নামৰূপৰ ব্ৰহ্মপুত্ৰ উপত্যকা সাৰ নিগম লিমিটেডৰ চৌহদত স্থাপন কৰা হ'ব। কেন্দ্ৰৰ ৬০ শতাংশ আৰু ৰাজ্যৰ ৪০ শতাংশ অংশীদাৰিত্বৰে এই নতুন ইউৰিয়া প্ৰকল্পটো ৰূপায়ণ কৰা হ'ব। এই ঘোষণা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই সিদ্ধান্তক সমগ্ৰ উত্তৰ-...