কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাই ২০২৫ বৰ্ষৰ দেশৰ বাজেটক আদৰণি জনাইছে। তেওঁ কৈছে যে এইবাৰৰ বাজেট দেশৰ ১৪০ কোটি জনতাক আশা-আকাংক্ষা আৰু সপোনক বাস্তৱায়িত কৰাৰ ভৱিষ্যদর্শী পৰিকল্পনা। সামাজিক মাধ্যমত দিয়া এটা পোষ্টত তেওঁ কয়, যে চাৰিটা চালিকা শক্তি- কৃষি, অতিক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ, বিনিয়োগ আৰু ৰপ্তানিৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি এইবাৰৰ বাজেটত দুখীয়া, যুৱ, কৃষক আৰু নাৰীসকলৰ আশা-আকাংক্ষা পূৰণ কৰাৰ লগতে কোনো ব্যক্তি যাতে প্ৰগতিৰ পথত পিছ পৰি নৰয় সেয়া সুনিশ্চিত কৰা হ’ব। তেওঁ লগতে কয়, যে এই বাজেটে শক্তিশালী, সমৃদ্ধ আৰু আত্মনিৰ্ভৰশীল ভাৰতৰ পুনৰনিৰ্মাণ প্ৰক্ৰিয়াক দিশ দিব।
Assamese | February 1, 2025 7:46 PM | J P Nadda Reaction
২০২৫ বৰ্ষৰ বাজেটক কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাৰ আদৰণি