কেন্দ্ৰীয় কেবিনেটে চৰকাৰী কৰ্মচাৰীসকলক নিশ্চিত পেঞ্চন প্ৰদানৰ উদ্দেশ্যে নতুন পেঞ্চন আঁচনি একীকৃত পেঞ্চন আঁচনি চমুকৈ ইউ পি এছত অনুমোদন জনাইছে। কেবিনেট বৈঠকৰ পিছত নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে, ২০২৫ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’বলগীয়া এই আঁচনিৰ জৰিয়তে প্রায় ২৩ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী উপকৃত হ’ব। তেওঁ কয় যে, ৰাষ্ট্ৰীয় পেঞ্চন নীতি অর্থাৎ এন পি এছৰ অধীনত থকা কৰ্মচাৰীসকলে এতিয়াৰে পৰা ইউ পি এছলৈ আহিব পাৰিব ।
Assamese | August 26, 2024 11:08 AM | Unified Pension Scheme UPS
২০২৫ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হব নতুন পেঞ্চন আঁচনি