August 26, 2024 11:08 AM

views 59

২০২৫ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হব নতুন পেঞ্চন আঁচনি

কেন্দ্ৰীয় কেবিনেটে চৰকাৰী কৰ্মচাৰীসকলক নিশ্চিত পেঞ্চন প্ৰদানৰ উদ্দেশ্যে নতুন পেঞ্চন আঁচনি একীকৃত পেঞ্চন আঁচনি চমুকৈ ইউ পি এছত অনুমোদন জনাইছে। কেবিনেট বৈঠকৰ পিছত নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে, ২০২৫ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'বলগীয়া এই আঁচনিৰ জৰিয়তে প্রায় ২৩ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী উপকৃত হ'ব। তেওঁ কয় যে, ৰাষ্ট্ৰীয় পেঞ্চন নীতি অর্থাৎ‍ এন পি এছৰ অধীনত থকা কৰ্মচাৰীসকলে এতিয়াৰে পৰা ইউ পি এছলৈ আহিব পাৰিব ।

August 25, 2024 11:15 AM

views 55

কেন্দ্ৰীয় কেবিনেটৰ একীকৃত পেন্সন আঁচনিৰ অনুমোদনক চৰকাৰী কৰ্মচাৰীসকলৰ আদৰণি

কেন্দ্ৰীয় কেবিনেটৰ একীকৃত পেন্সন আঁচনিৰ অনুমোদনক চৰকাৰী কৰ্মচাৰীসকলে আদৰণি জনাইছে। তেওঁলোকে লগতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক তেওঁলোকৰ বিভিন্ন সমস্যা সম্পৰ্কে কৰা আলোচনাৰ বাবেও ধন্যবাদ জনাইছে। চৰকাৰী কৰ্মচাৰী সংস্থাৰ যুটীয়া মঞ্চ Joint Consultative Machinery ৰ সম্পাদক গোপাল মিশ্রই কয় যে, প্রধানমন্ত্রীয়ে তেওঁলোকক এখন বৈঠকৰ বাবে আমন্ত্ৰণ জনাইছিল।

August 25, 2024 11:07 AM

views 83

চৰকাৰী কৰ্মচাৰীসকলৰ নতুন পেন্সন আঁচনি ইউনিফাইড পেন্সন আঁচনিত কেন্দ্রীয় কেবিনেটৰ অনুমোদন

কেন্দ্রীয় কেবিনেটে চৰকাৰী কৰ্মচাৰীসকলৰ নিশ্চিত পেন্সন প্ৰদানৰ উদ্দেশ্যে নতুন পেন্সন আঁচনি, একীকৃত পেন্সন আঁচনিত অনুমোদন জনাইছে। কেবিনেট বৈঠকৰ পিছত নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে, এই আঁচনিৰ অধীনত ২৫ বছৰ সেৱা আগবঢ়োৱাৰ পাছত শেষৰ ১২টা মাহৰ দৰমহাৰ ৫০ শতাংশ পেন্সন হিচাপে আগবঢ়োৱা হ'ব। তদুপৰি এই আঁচনিত কৰ্মচাৰীৰ মৃত্যুৰ পাছত পৰিয়ালৰ বাবে ৬০ শতাংশ পেন্সনৰ নিশ্চিতি প্ৰদান কৰা হৈছে। শ্রীবৈষ্ণৱে কয় যে, এই আঁচনিৰ জৰিয়তে প্রায় ২৩ লাখ কেন্দ্ৰ...