জাপানৰ প্ৰধানমন্ত্ৰী ছানে তাকাইচিয়ে ষষ্ঠদশ ভাৰত-জাপান বার্ষিক সন্মিলনত অংশ লবলৈ ১ জুলাইৰ পৰা ৩ জুলাইলৈ নতুন দিল্লী ভ্রমণ কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্রালয়ে প্রকাশ কৰা অনুসৰি সন্মিলনখনে দুয়োপক্ষৰ বাবে দ্বিপাক্ষিক সহযোগিতাৰ পৰ্যালোচনা আৰু শক্তিশালী কৰাৰ লগতে পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক আৰু বৈশ্বিক বিষয়সমূহত মত বিনিময় কৰাৰ সুযোগ প্রদান কৰিব। এয়া হ’ব জাপানৰ প্ৰধানমন্ত্ৰী তাকাইচিৰ প্ৰথমটো ভাৰত ভ্ৰমণ। যোৱা বছৰৰ আগষ্টত অনুষ্ঠিত হোৱা পঞ্চদশ ভাৰত-জাপান বার্ষিক সম্মিলনৰ বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে টকিঅ ভ্রমণ কৰিছিল।
Assamese | June 26, 2026 8:32 PM | Japan PM
১ জুলাইৰ পৰা ৩ জুলাইলৈ ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰীয়ে