September 14, 2025 7:48 PM | sewa saptah 17 september

printer

১৭ৰ পৰা ২৩ ছেপ্তেম্বৰলৈ ৰাজ্যত পালন কৰিবলগীয়া সেৱা সপ্তাহৰ বাবে প্ৰস্তুতি অব্যাহত

অহা ১৭ৰ পৰা ২৩ ছেপ্তেম্বৰলৈ ৰাজ্যত পালন কৰিবলগীয়া সেৱা সপ্তাহৰ বাবে প্ৰস্তুতি অব্যাহত আছে। এই কাৰ্যসূচীৰ অধীনত বৃহৎ স্বাস্থ্য শিবিৰ, ৰক্তদান শিবিৰ মুকলি কৰাৰ লগতে মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায়ৰ অধীনত ভূমি পট্টা বিতৰণ কাৰ্যসূচীও অন্তৰ্ভুক্ত কৰা হ’ব। ৰাজ্যজুৰি ৰূপায়ণ হ’বলগীয়া এই পদক্ষেপৰ সফলতা নিশ্চিত কৰাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই সংশ্লিষ্ট বিভাগসমূহক নিৰ্দেশ দিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি ভিডিঅ’ কনফাৰেঞ্চিং ব্যৱস্থাৰে এই সন্দৰ্ভত ৰাজ্যৰ বিভিন্ন বিভাগৰ মন্ত্ৰী, বিধায়কসকল আৰু বি টি আৰৰ বাহিৰে অন্য জিলাৰ আয়ুক্তসকলৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত মন্ত্ৰী অজন্তা নেওগ, অতুল বৰা, ৰূপেশ গোৱালাৰ উপৰি কেইবাগৰাকীও বিধায়ক আৰু জিলা আয়ুক্ত উপস্থিত থাকে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।