September 14, 2025 7:48 PM

views 40

১৭ৰ পৰা ২৩ ছেপ্তেম্বৰলৈ ৰাজ্যত পালন কৰিবলগীয়া সেৱা সপ্তাহৰ বাবে প্ৰস্তুতি অব্যাহত

অহা ১৭ৰ পৰা ২৩ ছেপ্তেম্বৰলৈ ৰাজ্যত পালন কৰিবলগীয়া সেৱা সপ্তাহৰ বাবে প্ৰস্তুতি অব্যাহত আছে। এই কাৰ্যসূচীৰ অধীনত বৃহৎ স্বাস্থ্য শিবিৰ, ৰক্তদান শিবিৰ মুকলি কৰাৰ লগতে মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায়ৰ অধীনত ভূমি পট্টা বিতৰণ কাৰ্যসূচীও অন্তৰ্ভুক্ত কৰা হ'ব। ৰাজ্যজুৰি ৰূপায়ণ হ'বলগীয়া এই পদক্ষেপৰ সফলতা নিশ্চিত কৰাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই সংশ্লিষ্ট বিভাগসমূহক নিৰ্দেশ দিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি ভিডিঅ' কনফাৰেঞ্চিং ব্যৱস্থাৰে এই সন্দৰ্ভত ৰাজ্যৰ বিভিন্ন বিভাগৰ মন্ত্ৰী, বিধায়কসকল আৰু ব...

August 22, 2025 12:11 PM

views 37

ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ উদ্যোগত অহা ১৭ ছেপ্টেম্বৰৰ পৰা ৰাজ্যজুৰি সেৱা সপ্তাহ

ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ উদ্যোগত অহা ১৭ ছেপ্টেম্বৰৰ পৰা ৰাজ্যজুৰি সেৱা সপ্তাহ আৰম্ভ হ'ব। সেৱা সপ্তাহৰ সৈতে সংগতি ৰাখি ১৮ ছেপ্টেম্বৰত সমষ্টিভিত্তিক স্বাস্থ্য শিবিৰ অনুষ্ঠিত হ'ব। ২০ ছেপ্টেম্বৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৭৫টা ৰক্তদান শিবিৰৰ আয়োজন কৰা হ'ব আৰু ২২ ছেপ্টেম্বৰত যক্ষ্মা ৰোগীসকলৰ বাবে নিশ্চয় মিত্ৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। স্বাস্থ্য মন্ত্রী অশোক সিংহালে কালি বশিষ্ঠত অনুষ্ঠিত এখন বৈঠকত ১৮ ছেপ্টেম্বৰত ৰাজ্যজুৰি হ'বলগীয়া স্বাস্থ্য শিবিৰৰ প্ৰস্তুতিৰ বুজ লয়। বৈঠকত মন...