ৰাষ্ট্ৰীয় ঔষধ মূল্য নির্ধাৰণ কৰ্তৃপক্ষ-NPPA এ ১৩৭ বিধ কৰ্কট ৰোগ প্ৰতিৰোধী ঔষধৰ ব্যৱসায়িক লাভৰ পৰিমাণ (trade margins) সর্বোচ্চ খুচুৰা মূল্যৰ (MRP) ৩০ শতাংশলৈ সীমিত কৰিছে। বৰ্তমানৰ মূল্য গাঁথনিৰ ওপৰত নিৰ্ভৰ কৰি গ্ৰহণ কৰা এই পদক্ষেপে এই ঔষধ সমূহৰ সৰ্বাধিক খুচুৰা মূল্য প্রায় ৭০ শতাংশলৈকে হ্রাস কৰিব বুলি আশা কৰা হৈছে। ১৭ অক্টোবৰত জাৰি কৰা এখন অধিসূচনা অনুসৰি, এই সংশোধিত মূল্য অহা ৯ নৱেম্বৰৰ পৰা কাৰ্যকৰী হ’ব।
এই পদক্ষেপৰ মূল উদ্দেশ্য হৈছে ঔষধৰ অত্যাধিক বিতৰণ আৰু খুচুৰা লাভ নিয়ন্ত্রণ কৰাৰ লগতে কৰ্কট ৰোগৰ চিকিৎসাৰ বিত্তীয় বোজা হ্রাস কৰা। ইয়াৰ জৰিয়তে ৰোগীসকলৰ বাবে ঔষধৰ উপলভ্যতা সুচল কৰি তুলিব বুলি আশা কৰা হৈছে। স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ অধীনৰ এখন বিশেষজ্ঞ কমিটিয়ে এই ঔষধৰ তালিকাখন প্ৰস্তুত কৰিছে।