■ হোজাইৰ এক নম্বৰ কাকী তিনি নম্বৰ গাঁৱৰ দ’ ব্লকৰ নাট্যচৰাত যোৱা নিশা হোজাই জিলাৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰৰ প্ৰযোজনাত এখন নাট মঞ্চস্থ হয়। নাট্যকাৰ চম্পক শৰ্মাৰ মন তই নাকান্দিৰি শীৰ্ষক নাটখনি প্ৰবীন শইকীয়াই পৰিচালনা কৰে। স্থানীয় শিল্পীয়ে অভিনয় কৰা নাটখন উপভোগৰ বাবে ভালেসংখ্যক দৰ্শকৰ সমাগম হয়। নৱ প্ৰজন্মৰ প্ৰতিভা বিকাশৰ উদ্দেশ্যে হোজাই জিলাৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰই অঞ্চলটোত এই ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে বুলি কেন্দ্ৰৰ সভাপতি গজেন হাজৰিকাই আমাৰ হোজাইৰ সংবাদদাতাৰ যোগে জানিবলৈ দিয়ে।
Assamese | July 14, 2025 10:51 AM | Akashvani News | Drama
হোজাইৰ কাকীত শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰৰ প্ৰযোজনাত নাট মঞ্চস্থ