হেডিংলী টেষ্টত ইংলেণ্ডৰ অপেনাৰদ্বয়ৰ দৃঢ় বেটিঙেৰে ঘৰুৱা দলটো জয়ৰ কঠিন লক্ষ্যৰ ফালে ধাৱমান হৈছে। আজি খেলখনৰ পঞ্চম তথা অন্তিম দিনা ইংলেণ্ডে কালি কোনো উইকেট নেহেৰুৱাকৈ সংগ্ৰহ কৰা ২১ ৰানৰ পৰা খেলিবলৈ লৈ ভোজন বিৰতিৰ পৰলৈকে কোনো উইকেটৰ পতন নঘটাকৈ দ্বিতীয় ইনিংছত ১২০ ৰান সংগ্ৰহ কৰে। ভোজন বিৰতিৰ পিছত খেল পুনৰ আৰম্ভ হৈছে আৰু বেন ডাকেটে ১০৩ ৰাণ আৰু জেক ক্রলীয়ে ৫৭ কৰি খেলি আছে। ইংলেণ্ডে বাতৰি যুগুতোৱাৰ সময়লৈকে কোনো উইকেট নেহেৰুৱাকৈ ১৭৭ ৰাণ কৰিছে। প্ৰথম ইনিংছত উজ্জীৱিত বলিং প্ৰদৰ্শন কৰা যশপ্রীত বুমৰাইও এই দুজন বেটছমেনৰ ওপৰত বিশেষ প্রভাৱ বিস্তাৰ কৰিব পৰা নাই। খেলখনৰ পঞ্চম দিনৰ আধাতকৈ বেছি সময় বাকী থকা অৱস্থাত ভাৰতৰ বিৰুদ্ধে জয়লাভ কৰিবলৈ আটাইকেইটা উইকেট হাতত থকা অৱস্থাত ইংলেণ্ডক ১৯৪ ৰাণৰ প্ৰয়োজন আছে।
Assamese | June 24, 2025 8:58 PM | Cricket
হেডিংলী টেষ্টত ইংলেণ্ডৰ অপেনাৰদ্বয়ৰ দৃঢ় বেটিঙেৰে জয়ৰ কঠিন লক্ষ্যৰ ফালে ধাৱমান