June 30, 2026 1:48 PM | Hul Day

printer

হুল দিৱস উপলক্ষে চান্থাল জনজাতিৰ বিদ্ৰোহীক ৰাষ্ট্ৰপতিৰ শ্রদ্ধা জ্ঞাপন

ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মুৱে হুল দিৱস উপলক্ষে আজি চান্থাল জনজাতিৰ বিদ্ৰোহী আৰু শ্বহীদ নায়ক-নায়িকাসকলক শ্রদ্ধা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা বার্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে এই নায়ক-নায়িকাসকলে জনজাতীয় সমাজক শোষণ কৰাৰ বিৰুদ্ধে প্রতিবাদ কৰাৰ লগতে তেওঁলোকৰ পৰিচয় অক্ষুণ্ণ ৰখাৰ বাবে যুঁজ দিছে। ৰাষ্ট্রপতি শ্রীমতী মুর্মুৱে লগতে কয়, যে তেওঁলোকৰ এই ত্যাগ আৰু জাতি প্রেমে দেশৰ নাগৰিকসকলক উদ্বুদ্ধ কৰি আহিছে।

লোকসভাৰ অধ্যক্ষ ওম বিলৰাই হুল দিৱস উপলক্ষে চান্থাল জনজাতিৰ বীৰ নায়ক-নায়িকাসকলৰ প্রতি শ্রদ্ধা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা বার্তাত শ্রী বিৰলাই কয়, যে এই নায়ক-নায়িকাসকলে দেশৰ স্বাধীনতা, জনজাতীয় পৰিচয় আৰু সামাজিক ন্যায়ৰ বাবে সর্বোচ্চ ত্যাগ কৰিছিল।

জনজাতীয় নেতা সিধু আৰু কানহুৰ নেতৃত্বত ভালে সংখ্যক চাম্বাল ডেকা-গাভকরে ঐতিহাসিক চাম্বাল হুল বিদ্রোহত অংশগ্রহণ কৰিছিল। তেওঁলোকে ব্রিটিছ শাসন, শোষণ আৰু অন্যায়ৰ বিৰুদ্ধে মাত মাতিছিল। শ্রী বিৰলাই কয়, যে চাম্বাল হুল হৈছে পানী, অৰণ্য, ভূমিৰ অধিকাৰ আৰু মর্যাদা তথা সম্মানৰ বাবে যুঁজ দিছিল। তেওঁ কয়, যে এই আন্দোলনে ভাৰতৰ স্বাধীনতা সংগ্ৰামত বিশেষ অৰিহণা যোগাইছিল। লোকসভাৰ অধ্যক্ষগৰাকীয়ে লগতে কয়, যে তেওঁলোকৰ ত্যাগ আৰু দেশপ্রেমে পৰৱৰ্তী প্রজন্ম উদ্বুদ্ধ কৰি থাকিব।

কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহেও হুল দিৱস উপলক্ষে চাম্বাল বিদ্রোহীসকলক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। গৃহমন্ত্ৰীগৰাকীয়ে জনজাতীয় সুকীয়া পৰিচয় অক্ষুণ্ণ ৰখা আৰু মাতৃভূমিৰ বাবে সর্বোচ্চ ত্যাগ কৰা চাম্বাল নায়ক-নায়িকাসকলক শ্রদ্ধাৰে সোঁৱৰণ কৰে। সামাজিক মাধ্যমৰ এটা বার্তাত শ্রী শ্বাহে কয়, যে স্বাধীনতা সংগ্রামী সিধু-কানহু মুর্মু, চান্দ-ভৈৰব আৰু সাহসী মহিলা ফুলু-জানু আদিৰ সমন্বিত বিদ্রোহে ব্রিটিছ শাসনৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰাৰ লগতে স্বাধীনতা আন্দোলনৰ উছাহ জগাই তুলিছিল।