June 30, 2026 1:48 PM

views 16

হুল দিৱস উপলক্ষে চান্থাল জনজাতিৰ বিদ্ৰোহীক ৰাষ্ট্ৰপতিৰ শ্রদ্ধা জ্ঞাপন

ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মুৱে হুল দিৱস উপলক্ষে আজি চান্থাল জনজাতিৰ বিদ্ৰোহী আৰু শ্বহীদ নায়ক-নায়িকাসকলক শ্রদ্ধা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা বার্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে এই নায়ক-নায়িকাসকলে জনজাতীয় সমাজক শোষণ কৰাৰ বিৰুদ্ধে প্রতিবাদ কৰাৰ লগতে তেওঁলোকৰ পৰিচয় অক্ষুণ্ণ ৰখাৰ বাবে যুঁজ দিছে। ৰাষ্ট্রপতি শ্রীমতী মুর্মুৱে লগতে কয়, যে তেওঁলোকৰ এই ত্যাগ আৰু জাতি প্রেমে দেশৰ নাগৰিকসকলক উদ্বুদ্ধ কৰি আহিছে। লোকসভাৰ অধ্যক্ষ ওম বিলৰাই হুল দিৱস উপলক্ষে চান্থাল জনজাতিৰ বীৰ নায়ক-নায়িকাসকলৰ প্রতি শ্রদ্ধা...