কৃষি ক্ষেত্ৰৰ উন্নয়ন অবিহনে বিকশিত ভাৰতৰ কল্পনা কৰিব নোৱাৰি বুলি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে মন্তব্য কৰিছে। হাৰিয়ানাৰ হিচাৰত খেত বচাও অভিযানৰ সামৰণি অনুষ্ঠানত দিয়া ভাষণত শ্ৰী চৌহানে এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে চৰকাৰে কৃষকসকলক ভূমিৰ গুণাগুণ, খেতিত প্ৰয়োগ কৰিবলগীয়া উপযুক্ত সাৰৰ পৰিমাণকে ধৰি বিভিন্ন দিশ সম্পৰ্কে অৱগত কৰিবলৈ এটা ম’বাইল এপ্লিকেচন বিকশাই তোলা প্ৰচেষ্টা অব্যাহত ৰাখিছে। তেওঁ কৃষকসকলক ভূমিৰ উৰ্বৰতা অটুট ৰাখিব পৰাকৈ নিৰ্দিষ্ট পৰিমাণতহে সাৰ আৰু কীটনাশক প্ৰয়োগ কৰিবলৈ আহ্বান জনায়। তেওঁ জৈৱিক কৃষিৰ বাবেও কৃষকসকলক উত্সাহিত কৰে।
নিজৰ ভাষণত শ্ৰী চৌহানে কয়, যে এল নিন’ প্ৰভাৱৰ বাবে বৰষুণৰ পৰিমাণ হ্ৰাস পোৱাৰ ফলত কৃষকসকলে সন্মুখীন হোৱা পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে চৰকাৰে উপায় উদ্ভাৱনৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। তেওঁ হাৰিয়ানাৰ কৃষকসকলক ভাৰতৰ কৃষি ক্ষেত্ৰলৈ অনা বিপ্লৱৰ লগতে দেশৰ খাদ্য ভঁৰাল সমৃদ্ধ কৰি ৰখাৰ ক্ষেত্ৰত যোগোৱা বৰঙণিৰ বাবে প্ৰশংসা কৰে।
শ্ৰী চৌহানে আজি দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ-পূব ভ্ৰমণ কৰিব। তেওঁ গুৱাহাটীত এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰিব। এই বৈঠকত বানে অসম আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ গ্ৰামাঞ্চল, খেতি-পথাৰ আৰু জটিল আন্তঃগাঁথনিৰ ওপৰত পেলোৱা প্ৰভাৱৰ পৰ্যালোচনা কৰি চলি থকা সাহায্য অভিযানৰ অগ্ৰগতিৰ মূল্যায়ন কৰিব। ইয়াৰ পিছত শ্ৰী চৌহানে অৰুণাচল প্ৰদেশৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি বানপীড়িত গাঁও, কৃষি পথাৰ, সাহায্য শিবিৰৰ অৱস্থাৰ মূল্যায়ন কৰিব। এই ভ্ৰমণৰ সময়ত মন্ত্ৰীগৰাকীয়ে ক্ষতিগ্ৰস্ত কৃষক, স্থানীয় বাসিন্দা, মহিলা গোট, আৰু যুৱক-যুৱতীসকলৰ সৈতে পোনপটীয়াকৈ মত বিনিময় কৰি এতিয়ালৈকে গ্ৰহণ কৰা সাহায্য ব্যৱস্থাৰ বুজ ল’ব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অৰুণাচল প্ৰদেশ চৰকাৰৰ মন্ত্ৰী, জ্যেষ্ঠ বিষয়া, আৰু অন্যান্য জনপ্ৰতিনিধিৰ সৈতেও আলোচনাত মিলিত হ’ব। এই আলোচনাত ক্ষতিগ্ৰস্ত কৃষকৰ শস্যৰ ক্ষতিৰ মূল্যায়ন, ক্ষতিপূৰণ আৰু শস্য বীমাৰ ধন, বানৰ ফলত ক্ষতিগ্ৰস্ত পথ, দলং, আৰু মথাউৰি পুনৰুদ্ধাৰৰ লগতে গ্ৰাম্য আন্তঃগাঁথনি পুনৰ নিৰ্মাণৰ কৌশলৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব।