বিজেপিৰ জ্যেষ্ঠ নেতা নায়ব সিঙে আজি একেৰাহে দ্বিতীয়বাৰৰ বাবে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব। পঞ্চকূলাৰ শালিমাৰ গ্ৰাউণ্ডত আয়োজিত শপতগ্রহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব। ইয়াৰ পূৰ্বে বিজেপিৰ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ পাছত শ্রীসিঙে কালি ৰাজ্যপাল বন্দাৰু দত্তাত্রেয়ক সাক্ষাৎ কৰে আৰু চৰকাৰ গঠনৰ দাবী উত্থাপন কৰে। মনোনীত মুখ্যমন্ত্রী নায়ব সিঙে কয় যে, ৰাজ্যৰ ২৪ হাজাৰ চৰকাৰী চাকৰিৰ বাবে অনুষ্ঠিত নিযুক্তি পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হ’ব। তেওঁ কয় যে, হাৰিয়ানা লোকসেৱা আয়োগ আৰু হাৰিয়ানা কৰ্মচাৰী চয়ন আয়োগে বাছনি কৰা এই প্ৰাৰ্থীসকলৰ চিকিৎসা প্ৰমাণ-পত্ৰ আৰু চৰিত্ৰৰ প্ৰমাণ-পত্ৰ দাখিল বাবে অতিৰিক্ত সময় প্ৰদান কৰা হ’ব।
Assamese | October 17, 2024 10:49 AM | Hariyana New CM
হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হিচাপে বিজেপিৰ জ্যেষ্ঠ নেতা নায়ব সিঙ দ্বিতীয়বাৰৰ বাবে শপতগ্ৰহণ কৰিব