October 17, 2024 7:50 PM

views 45

নায়ব সিং ছইনি দ্বিতীয়বাৰৰ বাবে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হিচাপে শপত

বিজেপি নেতা নায়ব সিং ছইনিকে আজি পঞ্চকুলাৰ শ্বালিমাৰ গার্ডেনত আয়োজিত শপত গ্রহণ অনুষ্ঠানত দ্বিতীয়বাৰৰ বাবে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হিচাপে শপত লয়। হাৰিয়ানাৰ ৰাজ্যপাল বাণ্ডাৰু দত্তাত্ৰেয়ই তেওঁক প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰায়। শ্ৰী নায়ব সিঙৰ সৈতে ১৩ গৰাকী বিধায়কে কেবিনেট আৰু ৰাজ্য মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। শপত গ্রহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ উপৰি কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, অমিত শ্বাহ, নিতীন গাডকাৰী, মনোহৰ লাল, লাল্লন সিং, অসমৰ মুখ্যমন...

October 17, 2024 10:49 AM

views 32

হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হিচাপে বিজেপিৰ জ্যেষ্ঠ নেতা নায়ব সিঙ দ্বিতীয়বাৰৰ বাবে শপতগ্ৰহণ কৰিব

বিজেপিৰ জ্যেষ্ঠ নেতা নায়ব সিঙে আজি একেৰাহে দ্বিতীয়বাৰৰ বাবে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব। পঞ্চকূলাৰ শালিমাৰ গ্ৰাউণ্ডত আয়োজিত শপতগ্রহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব। ইয়াৰ পূৰ্বে বিজেপিৰ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ পাছত শ্রীসিঙে কালি ৰাজ্যপাল বন্দাৰু দত্তাত্রেয়ক সাক্ষাৎ কৰে আৰু চৰকাৰ গঠনৰ দাবী উত্থাপন কৰে। মনোনীত মুখ্যমন্ত্রী নায়ব সিঙে কয় যে, ৰাজ্যৰ ২৪ হাজাৰ চৰকাৰী চাকৰিৰ বাবে অনুষ্ঠিত নিযুক্তি পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হ'ব। তেওঁ কয় যে...