ভাৰত আৰু বাংলাদেশৰ মাজত টি-টুৱেন্টি ক্রিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল আজি হায়দাবাদত অনুষ্ঠিত হ’ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৭ বজাত আৰম্ভ হ’ব। শৃংখলাত ২-০ ফলাফলত আগবাঢ়ি থকা ভাৰতীয় দলে আজি খেলখনত জয়লাভ কৰি জয়ৰ ধাৰা অক্ষুন্ন ৰখা আৰু বাংলাদেশৰ বিৰুদ্ধে আটাইকেইখন খেলতে জয়লাভ কৰাৰ কৃতিত্ব অর্জন কৰাৰ চেষ্ট চলাব। ভাৰতে দিল্লীত অনুষ্ঠিত দ্বিতীয়খন খেলত বাংলাদেশক ৮৬ ৰানৰ ব্যৱধানত পৰাস্ত কৰিছিল। ভাৰতে গোৱালিয়ৰত অনুষ্ঠিত প্ৰথমখন খেলত ৭ উইকেটত বিজয় সাব্যস্ত কৰিছে।
Assamese | October 12, 2024 12:01 PM | T-20 cricket
হায়দৰাবাদত আজি ভাৰত-বাংলাদেশৰ মাজৰ টি-২০ ক্রিকেট শৃংখলাৰ অন্তিমখন খেল