October 14, 2026 11:46 AM | Cricket

printer

হায়দৰাবাদত আজি ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্রিকেট শৃংখলাৰ চতুৰ্থখন খেল

ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত চলি থকা টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্রিকেট শৃংখলাৰ চতুৰ্থখন খেল আজি হায়দৰাবাদত অনুষ্ঠিত হ’ব। খেলখন সন্ধিয়া ৭ বজাত আৰম্ভ হ’ব।

ইন্দোৰত যোৱা দেওবাৰে অনুষ্ঠিত তৃতীয়খন খেলত আলহী দলটোক ১৪ ৰানৰ ব্যৱধানত পৰাস্ত কৰি ভাৰতে ইতিমধ্যে শৃংখলাত ২-১ৰ অগ্ৰগতি লাভ কৰিছে।