পশ্চিম কাৰ্বি আংলং জিলাৰ হামৰেনস্থিত কাৰ্বি পৰিষদৰ শাখা সচিবালয় প্ৰাংগণত আজি ৰেচম বিভাগৰ সহযোগত মেৰা ৰেচম মেৰা অভিমান ২.০ শীৰ্ষক এক প্রযুক্তিগত হস্তান্তৰ অভিযান কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
ইয়াৰ জৰিয়তে ৰেচম কৃষকসকলক সৱলীকৰণ কৰা, ৰেচমৰ উৎপাদনশীলতা বৃদ্ধি কৰি ৰেচম পালকসকলৰ মাজত ভি-ৱান মালবেৰী খেতিৰ প্ৰসাৰ কৰা, নিখুঁট জলসিঞ্চনৰ ব্যৱস্থা কৰা আদি কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। যোৰহাটৰ কেন্দ্ৰীয় ৰেচম বৰ্ডৰ বিজ্ঞানী বি শিল্পা শইকীয়াই কাৰ্যসূচীত বিজ্ঞানসন্মত ৰেচম পালন, সামগ্ৰিক ৰেচম উৎপাদনশীলতা আদি কৃষকসকলৰ মাজত বিষদভাৱে আলোচনা কৰে।
কাৰ্যসূচীত ৰেচম বিভাগৰ বিষয়াসকলে জিলাখনৰ কৃষকসকলে সন্মুখীন হোৱা সমস্যা আৰু প্ৰত্যাহ্বানসমূহৰ বুজ লয়। কাৰ্যসূচীত ৰেচম উন্নয়ন বোর্ডৰ অধ্যক্ষ ৰশ্মি টেৰনপী, হামৰেন পৌৰ সভাৰ অধ্যক্ষ ৰমেন পাটৰ, ৰেচম বিভাগৰ অতিৰিক্ত সঞ্চালক ৰংবং ৰংফা আদিকে ধৰি ভালেসংখ্যক লোক উপস্থিত থাকে।